নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ আন এক জলবোমাঃ দিবাং নৈ ভেটি শীঘ্ৰে ২,৮৮০ মেগাৱাটৰ প্ৰকল্প নিৰ্মাণ

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ নামনি অংশত থকা অসমৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই নির্মাণ হ’ব আন এক জলবোমা৷ বহু বিতর্কিত ২,৮৮০ মেগাৱাট শক্তি উৎপাদনক্ষম দিবাং জলবিদ্যুৎ প্রকল্প নির্মাণৰ পথ প্রশস্ত হৈছে৷ ইয়াৰ লগে লগে অৰুণাচল প্রদেশৰ মাজেৰে বৈ অহা দিবাং নৈ ভেটি ‘বহুমুখী প্রকল্প’ ৰূপে অভিহিত বৃহৎ নদীবান্ধটোৰ নির্মাণকার্য শীঘ্রে আৰম্ভ কৰিব এন এইচ পি চিয়ে৷ ২০০৮ চনত তদানীন্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে আধাৰশিলা স্থাপন কৰা জলবিদ্যুৎ প্রকল্পটোৰ নির্মাণত বিগত সময়ছোৱাত প্রধান অন্তৰায় হৈ পৰিছিল ভূমি অধিগ্রহণ৷ কিন্তু শেহতীয়াকৈ ভূমি অধিগ্রহণৰ বাধা আঁতৰিছে৷ এই কথা ৰাজহুৱাভাৱে ঘোষণা কৰিছে খোদ অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে৷

ভূমি অধিগ্রহণৰ জটিলতা আঁতৰ হোৱাৰ কথা উল্লেখ কৰি অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী খাণ্ডুৱে কৰা মন্তব্য আছিল এনেধৰণৰ– দিবাং প্রকল্পৰ ক্ষেত্রত দীর্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা ভূমি অধিগ্রহণৰ বিষয়টো সমাধানৰ ক্ষেত্রত কৰা সহায়ৰ বাবে দিবাং ভেলী জিলা আৰু নামনি দিবাং ভেলী জিলাবাসীক ধন্যবাদ জনাইছোঁ৷ ইয়াৰ ফলত ৩০,০০০ৰ পৰা ৪০,০০০ কোটি টকা বিনিয়োগৰ পথ মুকলি হ’ব৷ উল্লেখ্য যে বৃহৎ নদীবান্ধটো নামনি দিবাং ভেলী জিলাৰে বৈ যোৱা দিবাং নৈত নির্মাণ কৰা হ’ব৷ ইয়াৰ মূল প্রকল্পস্থলী হ’ব নামনি দিবাং ভেলী জিলাৰ সদৰ ৰয়িঙৰ পৰা ৪৩ কিলোমিটাৰ দূৰৰ তথা আশ্বুপানী আৰু দিবাং নৈৰ সংগমস্থলীৰ পৰা ১.৫ কিলোমিটাৰ উজনি অংশত৷ ভূমি অধিগ্রহণৰ সমান্তৰালভাৱে প্রকল্পটো নির্মাণৰ ক্ষেত্রত কেন্দ্রীয় পৰিৱেশ মন্ত্রালয়ৰ বন উপদেষ্টা কমিটী (এফ এ চি)ৰ ‘ক্লীয়াৰেন্স’ নোপোৱাটো আন এক বাধা হৈ পৰিছিল৷ ইতিপূর্বে একাধিকবাৰ এফ এ চিয়ে প্রত্যাখ্যান কৰিছিল এই সম্পর্কীয় প্রস্তাৱ৷ প্রধানতঃ জলবিদ্যুৎ প্রকল্পটো নির্মাণ হ’লে দিবাং বন্যপ্রাণী অভয়াৰণ্যৰ বিস্তীর্ণ এলেকা বৃহৎ নদীবান্ধটো অন্তর্ভুক্ত হোৱাৰ লগতে হাতী–বাঘকে ধৰি বিভিন্ন আপুৰুগীয়া বন্যপ্রাণীৰ আবাদী ধ্বংস হোৱাৰ উপৰি তিনি লাখতকৈও অধিক গছ কাটিব লাগিব বুলি অভিযোগ উত্থাপন কৰিছিল পৰিৱেশপ্রেমীসকলে৷

আনকি অৰুণাচল প্রদেশত ইয়াক কেন্দ্র কৰি নদীবান্ধবিৰোধী আন্দোলনো গঢ় লৈ উঠিছিল৷ কিন্তু তাৰ মাজতে ভূমি অধিগ্রহণৰ বিষয়তো নিষ্পত্তি হোৱা আৰু শীঘ্রে জলবিদ্যুৎ প্রকল্পটোৰ নির্মাণকার্য আৰম্ভ হ’ব বুলি অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী খাণ্ডুৱে ঘোষণা কৰাটো যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– গেৰুকামুখত অসমৰ জনমতক একেবাৰে আওকাণ কৰি এন এইচ পি চিয়ে নির্মাণকার্য প্রায় সম্পূর্ণ কৰি তোলা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পই ভীতিগ্রস্ত কৰি ৰখাৰ সময়তে শীঘ্রে কাম আৰম্ভ হ’বলগীয়া দিবাং নদীবান্ধে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানত প্রত্যক্ষভাৱে প্রভাৱ পেলাব বুলি পূর্বৰে পৰা আশংকা প্রকাশ কৰি আহিছে পৰিৱেশপ্রেমীসকলে৷

You might also like