নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থক আৰু বিৰোধীৰ সংঘাতৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এই পৰ্যন্ত ২২ জনলৈ বৃদ্ধি পোৱাৰ লগতে ২০০ তকৈ অধিক লোক আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত আছে । ৰাজধানী চহৰখনৰ উত্তৰ–পূব অঞ্চলৰ কেইবাটাও স্থানত হোৱা এই হিংসাত্মক কার্যকলাপৰ ফলত এজন লোকৰ মূৰত ৰ’ড সোমায় যায় । কিন্তু ততাতৈয়াকৈ যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পাছত চিকিৎসালয়খনৰ চিকিৎসকে অতি সতৰ্কতাৰে যুৱকজনৰ মূৰৰ পৰা ৰ’ডৰ টুকুৰা আতৰায় । বৰ্তমান যুৱকজনৰ অৱস্থা বিপদমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে ।
উল্লেখ্য যে বুধবাৰে এই সমগ্ৰ হিংসাৰ ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ সকলো জনতাক শান্তি-শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনায় ।