নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী নিৰ্বাচনঃ ‘আপ’ৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি, ২৪ ঘণ্টাই খোলা থাকিব বজাৰ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তীব্ৰতৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ । বিজেপি, কংগ্ৰেছৰ পাছত মঙলবাৰে আম আদমী পাৰ্টীয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ ।

নিৰ্বাচনী ইস্তাহাৰত স্থান পোৱা প্ৰতিশ্ৰুতি সমূহ এনেধৰণৰ-

-দিল্লীৰ জন লোকপাল বিল
-দিল্লী স্বৰাজ বিল
-ঘৰে ঘৰে ৰেচনৰ যোগান
-১০ লাখ জেষ্ঠ নাগৰিকৰ তীৰ্থযাত্ৰা
-বিদ্যালয়ত দেশভক্তিমূলক পাঠ্যক্ৰম সন্নিৱিষ্ট হ’ব
-মেট্ৰ’ ৰে’ল লাইনৰ বৃদ্ধি
-বিশ্বমানৰ ৰাস্তাঘাত
-যমুনা নদীৰ পাৰঘাতৰ উন্নয়ন
-নতুনকৈ চাফাই কৰ্মীৰ নিযুক্তি
-বজাৰ আৰু উদ্যোগিক ক্ষেত্ৰৰ বিকাশ
-দিল্লীত ২৪*৭ খোলা থাকিব বজাৰ
-কৃষকৰ বাবে ভূমি অধিকাৰ অধিনিয়মসমূহৰ সংশোধন
-কৰ্মৰ সময়ত যদি কোনো চাফাই কৰ্মীৰ মৃত্যু ঘটে, তেন্তে পৰিয়ালক ১ কোটি টকা সাহাৰ্য প্ৰদান

You might also like