নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী হিংসাৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক অমিত শ্বাহে !

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থক আৰু বিৰোধীৰ সংঘাতত ৰাজধানী চহৰখনৰ উত্তপ্ত হৈ আছে । বিশেষকৈ ৰাজধানী চহৰখনৰ উত্তৰ–পূব অঞ্চলৰ কেইবাটাও অঞ্চলত হিংসাত্মক কার্যকলাপ সংঘটিত হয় ৷

বুধবাৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে এখন সংবাদমেল সম্বোধন কৰি দিল্লীৰ এই সকলো হিংসাত্মক ঘটনাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহক জগৰীয়া কৰি এই সমস্ত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ আহ্বান জনায় । লগতে কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে এই সমগ্ৰ ঘটনাক পৰিকল্পিত ঘটনা বুলি অভিযোগ তুলি কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সমালোচনা কৰে ।

ইপিনে দিল্লী চৰকাৰ আৰু দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ৰাজধানীত শান্তি বজায় ৰখাত অপাৰগ হৈছে বুলিও কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

You might also like