দেশত পুনৰ ক’ৰ’নাৰ লহৰ; বিগত ২৪ ঘণ্টাত ১০ হাজাৰ নতুনকৈ ক’ৰ’নাত আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিল: ক্ৰমাৎ বৃদ্ধি পোৱা ক’ৰ’না আক্ৰান্তই পুনৰ সমগ্ৰ দেশতে উত্তেজনাৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত ১০ হাজাৰ ০৯৩ জন নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। এই পৰিসংখ্যাৰ পিছত এতিয়া দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৫৭ হাজাৰ ৫৪২ জনলৈ বৃদ্ধি পাইছে।
একে সময়তে দেশত যোৱা ২৪ ঘন্টাত ৬,২৪৮ জন ৰোগী ক’ৰ’নাত আৰোগ্য লাভ কৰিছে, যাৰ ফলত মুঠ ডিচচাৰ্জৰ সংখ্যা ৪,৪২,২৯,৪৫৯ লৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমান ৰোগীৰ আৰোগ্যৰ হাৰ ৯৮.৬৮ শতাংশ। দেশত বিগত সময়ত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ১০ হাজাৰৰ অতিক্ৰম কৰিছে।