নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত সংঘর্ষ আৰু হিংসা বিয়পোৱাৰ ব্লুপ্রিণ্ট আইএছআইৰ

নিউজডেস্ক, ২০ ডিচেম্বৰঃ নতুন নাগৰিকত্ব সংশোধনী আইনক লৈ দেশৰ ৰাজধানী দিল্লীকে ধৰি ভিন্ন প্রান্তত চলি থকা প্রতিবাদী হিংসাৰ সুযোগ লৈ দেশত সংঘর্ষ আৰু হিংসা বিয়পোৱাৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আয়ে৷

ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সূত্র মতে, অবৈধ মুছলিম অনুপ্রৱেশকাৰী আৰু ৰহিংগ্যাক পুঁজি যোগান ধৰি দেশব্যাপী সাম্প্রদায়িক সংঘর্ষ আৰু হিংসা বিয়পোৱাৰ ব্লুপ্রিণ্ট আই এছ আয়ে ৰচনা কৰাৰ তথ্য লাভ কৰিছে৷

তথ্য মতে, আই এছ আয়ে দেশৰ স্পর্শকাতৰ অঞ্চলসমূহত শিল নিক্ষেপ কৰি পৰিস্থিতি উত্তপ্ত কৰি শান্তি বিঘ্ণিত কৰাৰ লগতে স্বাভাৱিক জীৱন ব্যাহত কৰাৰ পৰিকল্পনা ৰচিছে৷ জম্মু–কাশ্মীৰৰ লেখীয়াই আই এছ আয়ে ‘কা’বিৰোধী আন্দোলনৰ সময়ত পুঁজি যোগান ধৰি অবৈধ মুছলিম অনুপ্রৱেশকাৰী আৰু ৰহিংগ্যাৰ দ্বাৰা আন্দোলনক হিংসালৈ ৰূপান্তৰিত কৰাৰ ষড়যন্ত্র ৰচিছে৷

সম্প্রতি দেশত চলি থকা আন্দোলনত হিংসাত্মক ৰূপ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততেই চোৰাংচোৱা সংস্থাই দেশজুৰি সন্ত্রাসবাদবিৰোধী গোটৰ দ্বাৰা সম্ভাব্য সন্দেহজনক ফোনকল নিৰীক্ষণ কৰাৰ লগতে অতি কমেও এহেজাৰ হোৱাটছএপ গ্রুপে সন্দেহজনক কার্যকলাপ নিৰীক্ষণ কৰি আছে৷

উল্লেখ্য যে ‘কা’ৰ বিৰুদ্ধে প্রতিবাদৰ সময়ত দিল্লীৰ জামিয়া নগৰ, ছিলামপুৰ আৰু জাফ্রাবাদৰ ঘটনাক লৈ আই এছ আইৰ ব্লুপ্রিণ্ট জড়িত হৈ থাকিব পাৰে বুলি চোৰাংচোৱা সংস্থাই অনুসন্ধান চলাই আছে৷

You might also like