নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“ধৰ্মই কেতিয়াও কাকো ভাৰতীয় ৰূপে চিনাক্ত নকৰে”-অভিনেত্ৰী দিয়া মিৰ্জা

-প্ৰণৱ জ্যোতি মহন্ত

নিউজডেস্ক, ১৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি চলা আন্দোলনৰ সপক্ষে মন্তব্য আগবঢ়াইছে অভিনেত্ৰী দিয়া মিৰ্জাই । বিশেষকৈ দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ লগতে বহুকেইখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত আৰক্ষীয়ে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে ছাত্ৰসমাজৰ সৈতে থিয় দিছে অভিনেত্ৰী দিয়া মিৰ্জা ।

তেওঁ টুইটযোগে কয় যে- “মোৰ মা হিন্দু, মোৰ প্ৰকৃত দেউতা খ্ৰীষ্টিয়ান আৰু মোক তুলি-তালি ডাঙৰ কৰা দেউতা হৈছে মুছলিম । মোৰ সকলো কাৰ্যালয়গত ঠিকনা সেই বাবে খালি হৈ আছে ।”


লগতে তেওঁ ধৰ্মই কেতিয়াও কাকো ভাৰতীয় ৰূপে চিনাক্ত নকৰে বুলি উল্লেখ কৰি কয় যে তেওঁ ভাৰতৰ সকলো শিক্ষাৰ্থীৰ সপক্ষে আছে ।

You might also like