নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে সমগ্র দেশজুৰি বিজেপিয়ে চলাব প্রচাৰ

নিউজডেস্ক, ২২ ডিচেম্বৰঃ সমগ্র দেশত সৃষ্টি হোৱা নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রতিবাদৰ পাছত শংকিত হৈ পৰিছে ভাৰতীয় জনতা দল৷

জনসাধাৰণক এই আইনখনৰ বিষয়ে অধিক জনাবৰ বাবে আৰু দেশত চলি থকা হিংসাত্মক প্রতিবাদ স্তিমিত কৰাৰ লক্ষ্যৰে এইবাৰ বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে ৰাইজৰ মাজত সজাগতা অনাৰ চেষ্টা চলাব৷

এই উদ্দেশ্য আগত ৰাখি দলটোৱে দেশৰ তিনি কোটি লোকৰ সৈতে সংযোগ স্থাপন কৰি আইনখনৰ সপক্ষে সমর্থন আদায় কৰাৰ লক্ষ্য লৈছে৷

সেই অনুসৰি অহা ১০ দিনৰ ভিতৰত ভাৰতৰ ৰাজ্যসমূহৰ প্রতিখন জিলাত সংশোধনী আইনখনৰ সপক্ষে বৃহৎ সজাগতা সমদল উলিয়াব৷

নাগৰিকত্ব আইন আৰু এন আৰ চিক কেন্দ্র কৰি দেশত সৃষ্টি হোৱা ঋণাত্মক পৰিৱেশৰ দিশটো আগত ৰাখি শনিবাৰে বিজেপিৰ কার্যকৰী সভাপতি জে পি নাড্ডাৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকত দলৰ ষ্ট্রেটেজী নির্ধাৰণ কৰে৷

দলৰ সাধাৰণ সম্পাদক ভূপেন্দৰ যাদৱে সাংবাদিকৰ আগত জনোৱা মতে, অহা ১০ দিনৰ ভিতৰত দেশৰ তিনি কোটিতকৈও অধিক পৰিয়ালৰ লগত সংযোগ সাধন কৰি প্রতিখন জিলাতে বৃহৎ সজাগতা সমদল উলিয়াব৷ এই পৰিকল্পনা কার্যকৰী কৰাৰ বাবে আৰু জনতাক অৱগত কৰাৰ বাবে দেশৰ বিভিন্ন স্থানত ২৫০খন সংবাদ মেলৰ আয়োজন কৰিছে দলটোৱে৷

উল্লেখ্য যে ‘কা’ক কেন্দ্র কৰি সমগ্র দেশত বিৰোধী দলসমূহৰ লগতে বিভিন্ন সংগঠন আৰু সাধাৰণ জনতাই তীব্র প্রতিবাদ সাব্যস্ত কৰিছে আৰু ২০জনৰো অধিক লোকে প্রাণ হেৰুৱাইছে৷

You might also like