- পাৰ্থৱ শইকীয়া
নাগৰিকত্ব সংশোধনী আইনক লৈ দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আহিছে এটা দুঃখবৰ । এনে এক জটিল সন্ধিক্ষণত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নিখোজ হৈ থকা বিষয়টোৱে দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা । অৱশ্যে কেনেকৈ কি অৱস্থাত মুখ্যমন্ত্ৰীজন নিখোজ হ’ল সেই সম্বন্ধে বৰ্তমানলৈকে কোনো তথ্য লাভ কৰা নাই ।
ভুল নুবুজিব , প্ৰকৃততে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নিখোজ হৈ থকা নাই । দেশজুৰি চলি থকা নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ মাজতে এইয়া হৈছে বিহাৰৰ দেখাত এক অভিনৱ প্ৰতিবাদ । বিহাৰৰ ভিন্ন প্ৰান্তৰ দেৱালত এতিয়া আঁৰি দিয়া হৈছে এই বিশেষ পোষ্টাৰ । পোষ্টাৰত লিখা হৈছে , বোবা…কলা আৰু অন্ধ মুখ্যমন্ত্ৰী নিখোজ । দেশৰ প্ৰায়সংখ্যক ৰাজনৈতিক নেতা আৰু দলে এই বিতৰ্কিত আইনখন বিৰোধিতা কৰি অহাৰ সময়তে আশ্বৰ্যজনকভাৱে নিমাত হৈ থকা জেডি(ইউ)ৰ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে এতিয়া বিহাৰত দেখা গৈছে এনে অভিনৱ প্ৰতিবাদ ।
পাটনাৰ বিভিন্ন চৰকাৰী ভৱন, বিদ্যালয়, গান্ধী ময়দানকে ধৰি ভিন্ন অঞ্চলত একাংশ প্ৰতিবাদকাৰীয়ে আঁৰি দিছে এইখন বিশেষ পোষ্টাৰ ।
উল্লেখ্য যে, পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাই ভাৰতৰ প্ৰায়সংখ্যক আঞ্চলিক দলৰ সৈতে মত বিনিময় কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত এক জনমত গঢ়ি তুলিছিল । সদৌ অসম ছাত্ৰ সন্থাৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই জেডি(ইউ) নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও বিৰোধিতা কৰিছিল এইখন বিধেয়ক । কিন্তু আশ্বৰ্যজনকভাৱে সদনৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে ভোটদান কৰিছিল জেডি(ইউ) এ ।
ইফালে , বিহাৰৰ ৰাজধানী পাটনাত একাংশ প্ৰতিবাদকাৰীয়ে এইদৰে নীতিশ কুমাৰৰ নিখোজ সম্বন্ধীয় পোষ্টাৰ অঁৰাৰ পাচতেই এতিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । চহৰৰ চৰকাৰী সম্পত্তি নষ্ট কৰাৰ অভিযোগ তুলি আৰক্ষীয়ে ইতিমধ্যে নিজাকৈ ৰুজু কৰিছে গোচৰ ।