নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৌসেনাত নিষিদ্ধ হ’ল ফেচবুক

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ এতিয়াৰে পৰা নৌসেনাত কৰ্মৰত জোৱান-বিষয়াই ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক । কিয়নো কিছুদিন পূৰ্বে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ৭ জনকৈ নৌসেনাৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পিছত ভাৰতীয় নৌসেনাই লৈছে এই কঠোৰ সিদ্ধান্ত ।

ইয়াৰোপৰি দেশৰ সকলো নৌঘাটিসমূহ আৰু যুদ্ধ জাহাজৰ ভিতৰতো স্মার্টফোন নিষিদ্ধ কৰিছে।

ইপিনে নৌসেনাৰ সূত্ৰত কৈছে যে- সাতজন নৌসেনা বিষয়াই সামাজিক মাধ্যমৰ যোগেদি শত্ৰুপক্ষৰ চোৰাংচোৱা সংস্থাক অধিক সংবেদনশীল তথ্য যোগান ধৰিছিল, যাৰ বাবে ভাৰতীয় নৌসেনাই এই কঠোৰ পদক্ষেপ গ্রহণ কৰিছে।

উল্লেখ্য যে নৌসেনাৰ কর্তৃপক্ষই জাৰি কৰা অভ্যন্তৰীণ নিৰ্দেশত মেছেজিং এপ্ছ, নেটৱর্কিং আৰু ব্লগিং, কণ্টেন্ত চেয়াৰিং, ই-কমাৰ্ছ চাইটসমূহত নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে ।

আনহাতে নৌসেনাৰ সূত্ৰই কৈছে যে ইয়াৰ পূৰ্বেও নৌসেনাত সামাজিক মাধ্যম আৰু অন্যান্য নেটৱর্কিং চাইটসমূহ ব্যৱহাৰৰ বিষয়ে নিষেধ আৰোপ কৰা হৈছিল।

You might also like