নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথভ্ৰষ্ট হৈছে নেকি শিৱসেনা ! নৈতিকতাৰ প্ৰশ্ন তুলি দলত্যাগ ৰমেশৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ মহাৰাষ্ট্ৰত শিৱসেনা-এনচিপি-কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ আগবঢ়াৰ পূৰ্বে এতিয়া শিৱসেনাৰ প্ৰতি যেন নাৰাজ হৈছে বহু নেতা । দুই বিপৰীত মেৰুত থকা কংগ্ৰেছ আৰু শিৱসেনাৰ মিত্ৰতাক লৈ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মহলত চৰ্চা চলি থকাৰ মাজতে বুধবাৰে শিৱসেনা দলৰ নৈতিকতাৰ প্ৰশ্ন তুলি পদত্যাগ কৰে ৰমেশ সোলাংকিয়ে ।

নিজৰ টুইটাৰৰ জৰিয়তে ৰমেশ সোলাংকিয়ে ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু শিৱসেনাৰ পৰা পদত্যাগ কৰা বুলি ঘোষণা কৰে । আগন্তুক দিনবোৰত উদ্ধৱ থাকৰে আৰু আদিত্যা থাকৰেক মহাৰাষ্ট্ৰবাসীৰ হৈ কাম কৰাৰ আহ্বান জনায় নেতাগৰাকীয়ে । ইফালে দলত্যাগ কৰাৰ কাৰণ হিচাপে স্পষ্টকৈ উল্লেখ কৰে যে, কংগ্ৰেছৰ সৈতে কাম কৰাটো আদৰ্শৰ পৰিপন্থী আৰু কোনোপধ্যে ই সম্ভৱপৰ নহয় । ৰমেশ সোলাংকিৰ এই বক্তব্যৰ পাচতেই এতিয়া মহাৰাষ্ট্ৰৰ ৰাজনীতিত বিষয়টোৱে চৰ্চা লাভ কৰিছে । চৰকাৰ গঠনৰ এটা দিন পূৰ্বে এজন শক্তিশালী যুৱ নেতাৰ পদত্যাগে এতিয়া শিৱসেনা সম্পৰ্কে উত্থাপন কৰিছে বহু প্ৰশ্ন ।

You might also like