নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ বাছ আৰু অট’ৰ মুখামুখি সংঘৰ্ষৰ ফলত মঙলবাৰে মহাৰাষ্ট্ৰৰ নাচিকত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । বৰ্তমানলৈকে এই দুৰ্ঘটনাত মৃত্যু হৈছে ২৫ জনকৈ লোকৰ ।
মালেগাঁও আৰু দেওলা ৰোডৰ মচি ফাটা নামৰ এটা অঞ্চলত মঙলবাৰে বিয়লি সংঘটিত এই দুৰ্ঘটনাত এখন চৰকাৰী বাছে অট’ক খুন্দা মৰাৰ ফলত পথৰ কাষৰ এটা কুঁৱাত পৰে বাছ আৰু অট’খন । নিহত সকলৰ অধিকাংশই বাছখনৰ যাত্ৰী । নিহত সকলৰ ভিতৰত ৯ গৰাকী মহিলাৰ লগতে এটি ৭ বছৰীয়া শিশুও আছে । বৰ্তমানলৈকে ২১ জনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।
উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিহতসকলৰ পৰিয়াললৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰা হৈছে ।