নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত বিজেপি প্ৰাৰ্থীক আক্ৰমণঃ অভিযোগৰ আঙুলি তৃণমূললৈ

নিয়মীয়া বাৰ্তা , ২৫ নৱেম্বৰঃ পশ্চিমবংগত তিনিটা বিধানসভা সমষ্টিত উপনিৰ্বাচন চলি থকাৰ মাজতে সংঘটিত হ’ল এক অপ্ৰীতিকৰ পৰিস্থিতি । কৰিমপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়প্ৰকাশ মজুমদাৰক ৰাস্তাৰ কাষত এদল উদণ্ড মানুহে চৰ-কিল, গোৰ-ঘোচা আদিৰে আক্ৰমণ কৰাৰ পাচতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি । আৰক্ষী আৰু সেনাবাহিনীৰ সন্মুখতে পিপুলখোলা অঞ্চলত তৃণমূল কংগ্ৰেছৰ একাংশ উদণ্ড সমৰ্থকে আক্ৰমণ চলোৱা বুলি অভিযোগ তুলিছে বিজেপিয়ে ।

বিজেপিৰ অভিযোগ অনুসৰি , সোমবাৰে দিনৰ প্ৰায় ১১ বজাত পিপুলখোলাৰ গিয়াঘাট ইছলামপুৰ প্ৰাথমিক বিদ্যালয়ৰ বুথত প্ৰৱেশ কৰে জয়প্ৰকাশ মজুমদাৰ । সেইসময়তে মজুমদাৰৰ ওপৰত জপিয়াই পৰে একাংশ উদণ্ড লোক । এই ঘটনাৰ পাচতেই এতিয়া তৃণমূললৈ অভিযোগ উত্থাপন কৰিছে জয়প্ৰকাশ মজুমদাৰে । বিজেপিৰ তৰফৰ পৰা এই ঘটনাত জড়িত বুলি তাৰেক শ্বেখ , হাবিবুৰ ৰহমান বিশ্বাস, কামালউদ্দিন বিশ্বাস, দুখু মলিথা, খুদা বখস শেখ, দিনাৰুল বিশ্বাস, মাসাদুল আলম, বংকিম মণ্ডল আৰু হাবিব বিশ্বাসক চিহ্নিত কৰা হৈছে । এই আটাইকেইজন তৃণমূল কংগ্ৰেছৰ সদস্য বুলি বিজেপিয়ে অভিযোগ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা ইয়াক সম্পূৰ্ণৰূপে নস্যাৎ কৰা হৈছে ।

এই ঘটনাক পশ্চিমবংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে তীব্ৰ নিন্দা কৰাৰ বিপৰীতে তৃণমূল নেতা বিমলেন্দু সিংহ ৰায়ে এয়া জয়প্ৰকাশ মজুমদাৰৰ নাটক বুলিহে আখ্যা দিছে ।

You might also like