পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা ৭ নৌসেনা বিষয়াক গ্ৰেপ্তাৰ
নিউজডেস্ক, ২০ ডিচেম্বৰঃ চোৰাংচোৱা সংস্থাৰ যৌথ অভিযানত পাকিস্তানৰ সৈতে সংযোগ থকাৰ অভিযোগত ৭ জনকৈ নৌসেনাৰ বিষয়া আৰু এজন হাওলাক দেশৰ বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ।
‘জয়েন্ট ডলফিনছ ন’জ’ নামেৰে চলোৱা এই অভিযানটো অন্ধ্র প্রদেশ চোৰাংচোৱা সংস্থা, কেন্দ্রীয় চোৰাংচোৱা সংস্থা আৰু নৌসেনাৰ চোৰাংচোৱা সংস্থাৰ দ্বাৰা সম্পন্ন কৰা হয় ।
চোৰাংচোৱা সংস্থাই জনোৱা অনুসৰি ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । লগতে এই সন্দৰ্ভত আৰু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি সমগ্ৰ বিষয়টো তদন্ত কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে ।