নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক অধিকৃত কাশ্মীৰ হ’ব ভাৰতৰ !!!

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ পাক অধিকৃত কাশ্মীৰত বৃহৎ অভিযান চলাবলৈ সাজু হৈ আছে ভাৰতীয় সেনা । দেশৰ সংসদে বিচাৰিলে পাক অধিকৃত কাশ্মীৰ ভাৰতৰ হ’ব-  এই বিস্ফোৰক মন্তব্য ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানেৰ৷

জম্মু–কাশ্মীৰস্থিত পৃথিৱীৰ সবাতোকৈ শীতল যুদ্ধক্ষেত্র ছিয়াচেনত সেনাৰ শিবিৰ পৰিদর্শনৰ পাছতেই এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে সেনাপ্রধান জেনেৰেল নাৰাৱানে৷

গুৰুত্বপূর্ণ যে পাকিস্তানৰ দখলত থকা পাক অধিকৃত কাশ্মীৰক পুনৰ হুংকাৰেৰে ইতিমধ্যে কেইবাগৰাকীও মন্ত্রীয়ে মন্তব্য কৰাৰ পাছত শনিবাৰে সেই সুৰতে সেনাপ্রধান জেনেৰেল নাৰাৱানে কৰা মন্তব্য তাৎপর্যপূর্ণ৷

সেনাপ্রধান জেনেৰেল নাৰাৱানে কয়– চৰকাৰে অনুমতি দিলেই পাক অধিকৃত কাশ্মীৰ পুনৰ ভাৰতৰ অংশ কৰি ল’বলৈ সেনা সাজু হৈ আছে৷ ৰাজধানী দিল্লীৰ মানেকশ্ব চেণ্টাৰত সেনাৰ বার্ষিক দিৱস উপলক্ষে আয়োজিত সংবাদ মেলত সেনাপ্রধান জেনেৰেল নাৰাৱানে যদি চৰকাৰে নির্দেশ দিয়ে তেতিয়া হ’লে পাক অধিকৃত কাশ্মীৰত অভিযান চলোৱা হ’ব বুলি দৃঢ় মন্তব্য কৰে৷

যোৱা ৩১ ডিচেম্বৰত সেনাৰ মুৰব্বীৰ দায়িত্ব লোৱা জেনেৰেল নাৰাৱানে দায়িত্ব গ্রহণ কৰিয়েই চুবুৰীয়া ৰাষ্ট্র চীনৰ সৈতে চলি থকা সীমাবিবাদৰ বিষয়টোৰ মীমাংসাসূচক সমাধানৰ ওপৰত গুৰুত্ব দিছিল৷ চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ দখলত থকা পাক অধিকৃত কাশ্মীৰ প্রসংগ উল্লেখ কৰি জেনেৰেল নাৰাৱানে কয়– সংসদীয় প্রস্তাৱত পাকিস্তানৰ দখলত থকা অঞ্চলটোসহ জম্মু–কাশ্মীৰ ভাৰতৰ৷ গতিকে সংসদে বিচাৰিলে অঞ্চলটো আমাৰ কৰি ল’ব পাৰোঁ৷

গুৰুত্বপূর্ণ যে কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয় শংকৰে যোৱা বর্ষৰ ছেপ্ঢেম্বৰ মাহত পাক অধিকৃত অঞ্চলক ভাৰতৰ অংগ বুলি মন্তব্য কৰিছিল৷ মন্ত্রীগৰাকীয়ে আনকি এদিন সেই অঞ্চলটো দেশৰ ভৌগোলিক সীমাত অন্তর্ভুক্ত কৰি লোৱাৰ আশাও ব্যক্ত কৰিছিল৷

লক্ষণীয় যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰি সদনত দিয়া ভাষণত প্রয়োজন হ’লে পাক অধিকৃত কাশ্মীৰ ভাৰতে দখল কৰিব বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছিল৷

You might also like