নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাশৱিক! ৮ মাহত ৮০জনৰ গণধর্ষণ বলি হৈছিল এজনী কিশোৰী

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ আঠ মাহ ধৰি ৮০জনৰো অধিক নৰপিশাচৰ গণধর্ষণৰ বলি হ’বলগীয়া হৈছিল এজনী কিশোৰী৷ অৱশেষত ১৩ বছৰীয়া এই কিশোৰীজনীক অন্ধ্রপ্রদেশৰ গুণ্টুৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে৷ কিশোৰীজনীক উদ্ধাৰ কৰাৰ পিছতে শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে৷

নাৰকীয় আতিশয্য চলিছিল এই কিশোৰীজনীৰ ওপৰত৷ কালি কিশোৰীজনীক উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ১০জনতকৈও অধিক অভিযুক্তক৷ এতিয়ালৈকে ৮০জনতকৈ অধিক অভিযুক্তক চিনাক্ত তথা গ্রেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জনাইছে৷

এই ঘটনাত জড়িত অন্য কেইবাজনো অভিযুক্তক চিনাক্ত কৰিব পৰা হোৱা নাই যদিও তালাচী অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে৷ লক্ষণীয়ভাৱে এই ভয়াৱহ ঘটনাৰ সৈতে জড়িত হৈ আছে স্বর্ণ কুমাৰী নামৰ এগৰাকী মহিলা৷ কিশোৰীজনীৰ মাতৃৰ ক’ৰোনাত আক্রান্ত হৈ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ পিছত এই মহিলাগৰাকীয়ে কিশোৰীজনীক নিজৰ লগত লৈ গৈছিল৷ তেতিয়াৰে পৰা কিশোৰীজনী সন্ধানহীন হয়৷

You might also like