পৃথিৱীত মহামাৰীৰ ৰূপ ল’ব পাৰে ক’ৰোনাই
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ ক’ৰোনা ভাইৰাছ অর্থাৎ ক’ভিড–১৯–এ বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে৷ শেহতীয়াকৈ বিশ্বজুৰি মহামাৰীৰ ভাবুকি কঢ়িয়াই আনিছে এই মাৰাত্মক ভাইৰাছবিধে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান টেড্র’ছ আধান’ম ঘেব্রিয়েছাছে এই মন্তব্য আগবঢ়াইছে৷ উল্লেখ্য যে বিভিন্ন দেশত ইতিমধ্যে এই ভাইৰাছবিধে সৃষ্টি কৰিছে মহামাৰীৰ আতংক৷ বিশ্বৰ চাৰিখন দেশত এক লাখ ১০ হাজাৰ লোক এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে৷ অর্থাৎ পৃথিৱীজুৰি ক’ৰোনাৰ দ্বাৰা সংক্রমিত লোকৰ ৯৩ শতাংশ এই চাৰিখন দেশৰ৷ টেড্র’ছে অৱশ্যে ইটালী চৰকাৰে ক’ৰোনা প্রতিৰোধৰ বাবে গ্রহণ কৰা কঠোৰ পদক্ষেপক আদৰণি জনাইছে৷ আগন্তুক দিনবোৰত অন্য দেশবোৰলৈ এই কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে সদৰী কৰিছে৷ ইটালীৰ পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰাৰ লগে লগে ইউৰোপজুৰি বৃদ্ধি পাইছে আতংক৷ অকল আতংক বৃদ্ধি পালেই নহ’ব, ক’ৰোনাৰ মোকাবিলাৰ বাবে প্রতিখন দেশে কঠোৰ ব্যৱস্থা গ্রহণ কৰা প্রয়োজন বুলি টেড্র’ছে উল্লেখ কৰিছে৷