নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃচীনত মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ আতংকত ত্রস্তমান বিশ্ব৷ ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবেই দেশত ম্লান পৰিছে ফাকুৱাৰ উছাহ৷ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ক’ৰোনা ভাইৰাছৰ আতংকত নিস্তেজ হ’ল ফাকুৰ উছাহ৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে এইবাৰ বিক্রী নোহোৱাকৈ ৰ’ল লাখ লাখ টকাৰ ফাকুৱাৰ সামগ্রী৷ ৰঙৰ উৎসৱ উদ্যাপনৰ বাবে কলকাতা, দিল্লী, উত্তৰ প্রদেশকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা ব্যৱসায়ীসকলে গুৱাহাটীৰ বজাৰলৈ লাখ লাখ টকাৰ ফাকুৱাৰ বিভিন্ন সামগ্রী আনিছিল৷ ৰং–বিৰঙৰ চুলি, ৰাজস্থানী পাগুৰী, টি–ছার্ট, হার্বেল স্প্রে’, ফিচকাৰী, ৱাটাৰ বেলুন, বিভিন্ন ৰঙী ফাকুৱাৰ সামগ্রী আনিছিল৷ কিন্তু ক’ৰোনাৰ আতংকৰ বাবে এইবাৰ ফাকুৱাৰ আনন্দ ম্লান পৰাৰ লগতে ব্যৱসায়তো ব্যাপক প্রভাৱ পৰে৷ এইবাৰ গুৱাহাটীৰ পাইকাৰী আৰু খুচুৰা বজাৰত ফাকুৱাৰ সামগ্রী কম পৰিমাণেহে বিক্রী হয় বুলি ব্যৱসায়ীসকলে জানিবলৈ দিছে৷ ফাঁচীবজাৰৰ কেইবাজনো পাইকাৰী ব্যৱসায়ীয়ে ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে লাখ লাখ টকাৰ সামগ্রী দোকানতে পৰি ৰোৱা বুলি জানিবলৈ দিছে৷ ব্যৱসায়ী আয়ুষ সাংগানেৰীয়াই জানিবলৈ দিয়া মতে, এইবাৰ কলকাতা, দিল্লী, উত্তৰ প্রদেশ আৰু ৰাজস্থানৰ পৰা ৱাটাৰ বেলুন, ফিচকাৰী, হার্বেল স্প্রে’, বিভিন্ন ৰঙৰ ফাকুৱা, টি–ছার্ট, ৰাজস্থানী পাগুৰী, ৰং–বিৰঙৰ চুলিকে ধৰি ফাকুৱাৰ সামগ্রী আনিছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে ৩ লাখতকৈ অধিক টকাৰ সামগ্রী এতিয়াও গুদামতে পৰি ৰ’ল৷ ক’ৰোনা ভাইৰাছৰ বাবেই এইবাৰ তেওঁৰ দৰে বহু ব্যৱসায়ী লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ল৷ মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে এইবাৰ গুৱাহাটী মহানগৰীতো দৌল উৎসৱৰ আনন্দ–উল্লাস ম্লান পৰা পৰিলক্ষিত হ’ল৷ ইয়াৰ বিপৰীতে ক’ৰোনাৰ আতংকৰ মাজতে গুৱাহাটীৰ ফাঁচীবজাৰত একাংশই আনন্দ–উল্লাসেৰে ফাকুৱা উদ্যাপন কৰা পৰিলক্ষিত হয়৷ ফাঁচীবজাৰৰ ব্যৱসায়ীসকলে ফাকু খেলাৰ লগতে ৰেইন ডেঞ্চো অনুষ্ঠিত কৰে৷ প্রশাসনৰ নিষেধাজ্ঞা সত্ত্বেও ক’ৰোনাৰ আতংকৰ মাজত এনেদৰে ৰেইন ডেঞ্চ অনুষ্ঠিত কৰাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
Next Post
You might also like