নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ হুংকাৰ: কোনো শক্তিয়ে ভাৰতৰ এক ইঞ্চি ভূমিও কাঢ়ি ল’ব নোৱাৰে

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ সীমান্তত চীনৰ সৈতে সৃষ্টি হোৱা উত্তেজনা প্রশমিত কৰিবলৈ সেনা বিষয়া পর্যায়ত আলোচনা ধাৰাবাহিকভাৱে চলি থকাৰ মাজতে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে  দুদিনীয়া লাডাখ আৰু জম্মু–কাশ্মীৰ ভ্রমণসূচী লৈ লেহত উপস্থিত হয়৷ লাডাখৰ লেহত উপস্থিত হৈ প্রতিৰক্ষামন্ত্রীগৰা সীমান্তৰ পৰিস্থিতি সন্দর্ভত সর্বাত্মক পর্যালোচনা চলায়৷ প্রতিৰক্ষামন্ত্রী সিঙৰ এই ভ্রমণৰ সময়ত সংগী হয় চীফ অৱ ডিফেন্স ষ্টাফ (চি ডি এছ) জেনেৰেল বিপিন ৰাৱাট আৰু স্থলসেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানে৷

লেহত উপস্থিত হৈ প্রতিৰক্ষামন্ত্রী সিঙে উল্লেখ কৰে যে পূব লাডাখত প্রকৃত নিয়ন্ত্রণ ৰেখাত (এল এ চি) সৃষ্টি হোৱা বিবাদ নিষ্পত্তিৰ বাবে ভাৰত–চীনৰ মাজত আলোচনা অব্যাহত আছে৷ কিন্তু এই আলোচনাই কি পর্যায়লৈ সমস্যাৰ সমাধান কৰিব পাৰে, সেই সন্দর্ভত কোনো ধৰণৰ নিশ্চয়তা প্রদান কৰিব নোৱাৰে বুলি ঘোষণা কৰিছে সিঙে৷ মন্ত্রীগৰাকীয়ে লগতে হুংকাৰ দিয়ে– ‘ভাৰতৰ এক ইঞ্চি ভূমিও বিশ্বৰ কোনো শক্তিয়ে স্পর্শ কৰিব নোৱাৰে৷’ স্থলসেনা আৰু আই টি বি পিৰ জোৱানসকলক সম্বোধি প্রতিৰক্ষামন্ত্রী সিঙে কয় যে বীৰ সৈনিকসকলক লৈ গর্বিত ভাৰত৷ সৈনিকসকল অকল সীমান্তৰ সুৰক্ষাতে নিয়োজিত থকা নাই, ১৩০ কোটি ভাৰতীয়ৰ সুৰক্ষাৰ বাবে বীৰ জোৱানসকলে দায়িত্ব পালন কৰি অহা বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ লক্ষণীয়ভাৱে গালৱান উপত্যকাত ২০গৰাকীকৈ জোৱান শ্বহীদ হোৱা বিষয়টোৰ প্রসংগ টানি সিঙে কয় যে ভাৰতে বীৰ সৈনিকসকলৰ বলিদানক অথলে যাবলৈ নিদিয়ে৷

লক্ষণীয়ভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৰা অনুৰূপ মন্তব্যৰ প্রসংগ উত্থাপন কৰি মোদীৰ শক্তিশালী নেতৃত্বক প্রশংসাও কৰে ৰাজনাথ সিঙে৷ ভাৰতে সদায় বহুধৈব কুতুম্বকম বার্তাৰে সমগ্র পৃথিৱীজুৰি শান্তি বিচাৰে বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কাৰো আত্মসন্মানত দেশখনৰ আঘাত কৰাৰ উদ্দেশ্য নাই বুলিও মন্ত্রী সিঙে জোৱানসকলৰ আগত ঘোষণা কৰে৷ অৱশ্যে ভাৰতৰ আত্মসন্মানত কোনো শক্তিয়ে আঘাত কৰিলে ইয়াক কেতিয়াও দেশখনে সহজভাৱে গ্রহণ নকৰে বুলিও তেওঁ ঘোষণা কৰে৷ ইয়াৰ পূর্বে প্রতিৰক্ষামন্ত্রী সিঙে সেনাৰ টি–৯০ টেংক আৰু সশস্ত্র বাহনবোৰৰ অনুশীলন প্রত্যক্ষ কৰে৷ ১১ হাজাৰ ফুট উচ্চতাৰ লেহত সেনাৰ টেংকত যুদ্ধাভ্যাস প্রত্যক্ষ কৰি অভিভূত হয় মন্ত্রীগৰাকী৷

You might also like