নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজান খণ্ড প্ৰাথমিক চিকিৎসালয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে প্ৰাণ গ’ল কণমানিৰ; ভুল চিকিৎসাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ যি সময়ত কৰ’নাৰ সৈতে যুদ্ধখনত স্বাস্থ্যকৰ্মী সকলক বিশেষ মৰ্যাদা দিয়া হৈছে সেই সময়তে একাংশ চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ অৱহেলাৰ বাবে বহু নিৰীহলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ দৰে পৱিত্ৰ বৃত্তিকো কলংকিত কৰি শুকুৰবাৰে পুনৰবাৰ বোকাজানৰ দয়ালবস্তিৰ বাসিন্দা শংকৰ মিৰ্ধা নামৰ লোকজনৰ একমাত্ৰ সন্তানটিৰ অকাল মৃত্যুৰ বাতৰিয়ে বোকাজান মহকুমাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বোকাজানৰ দয়ালবস্তি অঞ্চলৰ অতি দৰিদ্ৰ পৰিয়াল শংকৰ মিৰ্ধা আৰু পত্নী সৰস্বতী মিৰ্ধাই দিন হাজিৰা কৰি পোহপাল দি আহিছে সৰু পৰিয়ালটো। কিছুদিন ধৰি তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান শিৱই বুকুৰ এক ৰোগত আক্ৰান্ত হৈ আছিল। গাঁৱৰ ৰাইজে প্ৰায্যমানে আৰ্থিক অৱদান আগবঢ়াই দুৰ্ভগীয়া পৰিয়ালটিৰ পুত্ৰৰ আৰোগ্যৰ বাবে সহায়-সহযোগ কৰিছিল। কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিসাহ, ভগৱানৰূপী চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ হেমাহিৰ বাবে অকালতে প্ৰাণ হেৰুৱাবলগা হ’ল কণমানি শিৱই।
    ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে শংকৰ মিৰ্ধা নামৰ লোকজনৰ একমাত্ৰ সন্তান শিৱক দেখুৱাবলৈ আনিছিল বোকাজান খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ। কিন্তু চিকিৎসকে লিখি দিয়া এটা বেজি ১ ঘণ্টা লৈকে দিবলৈ নাহিল কোনো নাৰ্চ তথা স্বাস্থ্যকৰ্মী। বোকাজান খণ্ড প্ৰাথমিক চিকিৎসালয়ত কোনো ধৰণৰ চিকিৎসা নাপায় অৱহেলিত হৈ দুৰ্ভগীয়া পৰিয়ালটোৱে বোকাজানৰ এখন ব্যক্তিগত চেম্বাৰ ডাঃ বৰুৱা ক্লিনিকত ভৰ্তি কৰাই কণমানি শিশুটিক। পৰৱৰ্তী সময়ত ডাঃ বৰুৱাই  চিকিৎসা কৰি গধূলি সময়ত ঘৰলৈ যাবলৈ দিয়ে কণমানি শিশুক।
চিকিৎসাৰ পিছতে অলপ সুস্থ হৈছিল যদিও ৰাতিলৈ শিশুটিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। পুৱাৰ ভাগত পৰিয়ালৰলোকে কণমানিটিক পুনৰ বোকাজান খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ আনিছিল যদিও তেতিয়ালৈকে চিকিৎসকে কণমানিটিক মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে বোকাজান খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীৰ অৱহেলাৰ লগতে ব্যক্তিগত ক্লিনিকৰ চিকিৎসক ডাঃ বৰুৱাৰ ওপৰতো ভুল চিকিৎসাৰ অভিযোগ উত্থাপিত কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে। আনহাতে বোকাজান নগৰৰ ব্যক্তিগত চেম্বাৰ ডাঃ বৰুৱা ক্লিনিকৰ বিতৰ্কিত চিকিৎসকজনৰ বিৰুদ্ধে ভুল চিকিৎসাৰ বাবেই শুকানজানৰ বাসিন্দা উজ্জ্বল নেওগ নামৰ এজন উদীয়মান যুৱকে চলিত বৰ্ষৰ ৯ মে’ তাৰিখে অকাল মৃত্যুক আকোৱালী লবলগীয়া হোৱাৰ অভিযোগো আছে। সেই সময়ত বোকাজানৰ বিভিন্ন জাতীয় সংগঠন তথা সাংবাদিকে উক্ত ঘটনাৰ দণ্ডাধীশ পৰ্যায়ত তদন্ত কৰিব লাগে বুলি বোকাজান মহকুমাৰ মহকুমাধিপতিক অনুৰোধ জনায় আৰু তাৰ পৰিপ্ৰেক্ষিততেই মহকুমাধিপতি দিলীপ তেৰাঙে অতিৰিক্ত সহকাৰী আয়ুক্ত তাহিৰ আলমক দায়িত্ব অৰ্পণ কৰিছিল। মহকুমাধিপতিৰ নিৰ্দেশমৰ্মে অতিৰিক্ত সহকাৰী আয়ুক্ত তাহিৰ আলমে বোকাজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া দেৱৰাজ দেউৰীৰ সহযোগত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে দুটা মাহ পাৰ হৈ যোৱাৰ পিছতো উক্ত ঘটনা সন্দৰ্ভত তদন্ত সমিতিয়ে  তেওঁলোকৰ প্ৰতিবেদনত কি দাখিল কৰিলে সেয়া বৰ্তমানলৈকে ৰাজহুৱা কৰা নাই বোকাজান মহকুমা প্ৰশাসনে।
উল্লেখ্য যে বোকাজান মহকুমা প্ৰশাসনৰ তত্বাৱধানত উদীয়মান যুৱক উজ্জ্বল নেওগৰ মৃত্যুৰ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াক বৰ্তমান সন্দেহৰ দৃষ্টিৰে চাবলৈ লৈছে স্থানীয় ৰাইজে।
You might also like