নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথমবাৰলৈ গণৰাজ্য দিৱসত উৰিল আপাচে হেলিকপ্টাৰ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস । ৰাজধানী দিল্লীৰ ৰাজপথত পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় পেৰেড ।

আপাচে হেলিকপ্টাৰ

ইপিনে প্ৰথমবাৰৰ বাবে দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ’ল অত্যাধুনিক আপেচে হেলিকপ্টাৰ । লগতে চিনুক হেলিকপ্টাৰো প্ৰদৰ্শিত হয় প্ৰথমবাৰৰ বাবে ।

এই ৫ আপেচে হেলিকপ্টাৰৰ দলটোৰ নেতৃত্ব লয় গ্ৰুপ কেপ্টেইন মান্নাৰথ চীলু ভি এমে ।

উল্লেখ্য যে- আজি ভাৰতৰ গণৰাজ্য দিৱস উপলক্ষে ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ মেছিয়াছ বলছ’নাৰো মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিছে ৷

You might also like