নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেছক্ৰিপছন দেখুৱালে লকডাউনৰ সময়তো পাব সুৰা

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ মদ্যপান কৰিব নোৱাৰাৰ ফলত হতাশা বাঢ়িছে একাংশৰ । দেখা দিছে আত্মহত্যাৰ প্ৰৱণতা । এইধৰণৰ যুক্তিৰে এতিয়া সুৰাপায়ী সকলৰ বাবে সুৰা ক্ৰয়ৰ সুবিধা প্ৰদানৰ বাবে আগবাঢ়িছে কেৰালা চৰকাৰ । অৱশ্যে সকলোৰে বাবে নহ’ব এই বিশেষ সুৰা ক্ৰয়ৰ সুবিধা । যিসকল ব্যক্তিৰ শৰীৰত মদ নাপালে উইথড্ৰয়েল ছিনড্ৰ’ম দেখা দিয়ে সেইসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব বিশেষ পাছ । উইথড্ৰয়েল ছিনড্ৰ’মৰ প্ৰমাণসহ ডাক্তৰৰ প্ৰেছক্ৰিপছন থাকিলেহে সেইসকলক লোকক দিয়া হ’ব সুৰা ।

সোমবাৰে নিশা কেৰালা চৰকাৰে এই নিৰ্দেশ জাৰি কৰি কৈছে – লকডাউনৰ সময়ত মদৰ দোকান বন্ধ হৈ থকাৰ ফলত যিসকল লোকে দৈনিক মদ্যপান কৰে তেওঁলোকৰ হতাশা আহিছে । আত্মহত্যাৰ দৰে ঘটনাও সংঘটিত হৈছে ইয়াৰ ফলত গতিকে এইসকল লোকক সকাহ দিয়াৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

অৱশ্যে কেৰালা চৰকাৰৰ এই সিদ্ধান্তক সহজভাৱে লোৱা নাই চিকিৎসকসকলে । ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ কেৰালাৰ সভাপতি আব্ৰাহাম ভাৰ্গিছে কৈছে – এইটো এটা অবৈজ্ঞনিক কথা । যিসকল লোক উইথড্ৰ’ল ছিনড্ৰ’মত ভুগি আছে সেইসকলক চিকিৎসাৰ প্ৰয়োজন । এই চিকিৎসা ঘৰত অথবা চিকিৎসালয়তো দিব পৰা যায় ।

You might also like