নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচীৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত ৰায় সংশোধনৰ আবেদন ধৰ্ষণকাৰী বিনয় শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ বিৰুদ্ধে ৭ জানুৱাৰী তাৰিখে মৃত্যুদণ্ডৰ ৰায় দিছিল ন্যায়ালয়ে । এই ৰায় অনুসৰি অহা ২২ জানুৱাৰীত পুৱা ফাঁচীকাঠত ওলমোৱা হ’ব চাৰিওজন অপৰাধীক । তাৰ মাজতেই বৃহস্পতিবাৰে এই ৰায় সংশোধনৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ধৰ্ষণকাৰী বিনয় শৰ্মা ।

উচ্চতম ন্যায়ালয়ত বিনয় শৰ্মাই(২৬) বৃহস্পতিবাৰে দাখিল কৰে এক আবেদন । এই আবেদন যদি ন্যায়ালয়ে গৃহীত কৰে তেন্তে ফাঁচীৰ দিন পিছুৱাব পাৰে বুলি আশংকা কৰা হৈছে । এই সন্দৰ্ভত আসামী বিনয় শৰ্মাৰ অধিবক্তাই কয় যে, এই আবেদন ৰাজনৈতিক অথবা প্ৰশাসনিক প্ৰভাৱৰ বাহিৰত নিৰ্ণয় কৰা হওঁক । আৰম্ভণিৰে পৰা মিডিয়া আৰু ৰাজনৈতিক প্ৰভাৱ বাৰুকৈয়ে দেখা গৈছিল । ইয়াৰোপৰি তেওঁৰ গোচৰীয়াৰ ক্ষেত্ৰত নিৰপেক্ষ বিচাৰ হোৱা নাই বুলিও উল্লেখ কৰে এ পি সিঙে ।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে বিনয় শৰ্মাৰ ৰায় সংশোধনৰ আবেদন খাৰিজ কৰিলে ৰাষ্ট্ৰপতিৰ ওচৰত প্ৰাণভিক্ষা কৰাৰ এটা পথ খোলা থাকিব । ৰাষ্ট্ৰপতিৰ ওচৰত প্ৰাণভিক্ষাৰ বাবে কৰা আবেদনো যদি খাৰিজ কৰা হয় তেন্তে আৰু কোনো ধৰণৰ পথ খোলা নাথাকিব অপৰাধীৰ ।

You might also like