নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউদৰ কণ্ঠশিল্পী কণিকা কাপুৰৰ বিৰুদ্ধে গোচৰ ৰুজু

ক'ৰণা ভাইৰাছত আক্ৰান্ত হৈয়ো আয়োজন কৰিছিল পাৰ্টীৰ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ক’ৰণা ভাইৰাছত আক্ৰান্ত বলীউদৰ কণ্ঠশিল্পী কণিকা কাপুৰৰ বিৰুদ্ধে গোচৰ ৰুজু। ১১ মাৰ্চত লণ্ডনৰ পৰা আহি আছুতীয়াকৈ থকাৰ বিপৰীতে এক পাৰ্টীৰ আয়োজন কৰিছিল শিল্পীগৰাকীয়ে। লক্ষ্ণৌৰ এখন হোটেলত এটা পাৰ্টীত অংশ লৈছিল কণ্ঠশিল্পীগৰাকীয়ে। লণ্ডনৰ পৰা অহাৰ পাছত লক্ষ্ণৌ বিমান বন্দৰত স্কেনিং কৰাৰ পিছত আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশ দিছিল কৰ্তৃপক্ষই। কিন্তু কৰ্তৃপক্ষৰ নিৰ্দেশ নামানি কেইবাটাও পাৰ্টীত অংশ লৈছিল গায়িকাগৰাকীয়ে।
এটা পাৰ্টীত লগ পোৱা বিজেপি নেত্ৰী বসুন্ধৰা ৰাজে আৰু তেওঁৰ পুত্ৰই ইতিমধ্যে জনসমাগমৰ পৰা আতঁৰি আছে। উল্লেখযোগ্য যে পাৰ্টীৰ পিছতেই তেওঁলোকে সাক্ষাৎ কৰিছিল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক। ক’ৰণাত আক্ৰান্ত কণিকা কাপুৰ যোৱা লক্ষ্ণৌৰ তাজ বন্ধ কৰি দিয়া হৈছে। উত্তৰ প্ৰদেশৰ একাংশ মন্ত্ৰী বিধায়কৰ লগতে অভিনেতা বিবেক অবৰয়ো সংস্পৰ্শলৈ আহিছিল কণিকা কাপুৰ। ইতিমধ্যে লক্ষ্ণৌৰ ৰেষ্টুৰেণ্ট আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে।

You might also like