নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিচাং নদীৰ পাৰত সেউজ বিপ্লৱৰ সূচনা

অভিজিৎ ভূঞা

কর্মই ধর্ম– এই কথাত বিশ্বাস ৰাখি কৃষিক্ষেত্রৰ লগত বিশেষভাৱে জডিত হৈ পৰিছে চৰাইদেউ জিলাৰ একাংশ সমাজ সচেতন লোক৷ ৰাজপথৰ আন্দোলনৰ সলনি কৃষি বিপ্লৱৰ সূচনা কৰাতহে ব্রতী এইসকল লোক৷ উল্লেখ্য যে যি সময়ত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা একাংশ নিবনুৱা যুৱক–যুৱতীয়ে বহিঃৰাজ্যলৈ কর্মসংস্থাপনৰ বাবে ঢ়াপলি মেলা পৰিলক্ষিত হৈছে, তেনে সময়তে চৰাইদেউ জিলাৰ একাংশ কৃষকে দেখুৱাইছে আদর্শ৷ চৰাইদেউ জিলাৰ ৰহণ পঞ্চায়তৰ অন্তর্গত চেঁচা সত্র অঞ্চলৰ দুলেন, পংকজহঁতৰ দৰে অঞ্চলটোৰ একাংশ যুৱকে উচ্চ শিক্ষাৰে শিক্ষিত হৈও কৃষি কার্যকে সাৰথি হিচাপে লৈ ব্রতী হৈছে নিজ নিজ কর্মত৷ মন কৰিবলগীয়া যে সোণাৰি বিধানসভা সমষ্টিৰ ৰহণ গাঁও পঞ্চায়তৰ অন্তর্গত চেঁচা সত্রৰ ষাঠিটাকৈ কৃষক পৰিয়ালে প্রায় তিনিশ বিঘা মাটিত বহু বছৰ ধৰি অব্যাহত ৰাখিছে কৃষি কার্য৷ বিশেষ চৰকাৰী সুবিধা অবিহনে কৃষি বিপ্লৱৰ জৰিয়তে অব্যাহত ৰাখিছে অর্থনৈতিক বুনিয়াদ গঢ়াৰ নিৰলস প্রচেষ্টা৷ চৰাইদেউ জিলাৰ সোঁমাজেৰে বৈ যোৱা দিচাং নদীৰ পাৰত চেঁচা সত্র অঞ্চলৰ এইসকল অন্নদাতা পৰিয়ালে ব্যৱসায়িক ভিত্তিত বিভিন্ন খেতি কৰি লাভজনক উপার্জন কৰাৰ লগতে বহুজনক সংস্থাপন দিবলৈও সক্ষম হৈছে৷ আজিপর্যন্ত চৰকাৰী পক্ষই এইসকল কৃষকক যথোপযুক্ত সহায়–সহযোগিতা আগনবঢ়োৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অতি পৰিতাপৰ কথা যে দিচাং নদীৰ প্রবল খহনীয়াৰ কবলত পৰি বছৰে বছৰে বহু বিঘা খেতি মাটি নদীৰ বুকুত জাহ গৈছে যদিও বিভাগীয় কর্তৃপক্ষই এই সমস্যা সমাধান কৰা ক্ষেত্রত সামান্যতমো গুৰুত্ব প্রদান নকৰাৰ অভিযোগ দীর্ঘদিনীয়া৷ আনহাতে চৰকাৰী সুবিধা অবিহনে নিজাববীয়াকৈ কৃষি কার্য কৰি উৎপাদন কৰা কৃষিজাত সামগ্রীয়ে সমগ্র চৰাইদেউ জিলাখনৰ লগতে চুবুৰীয়া অৰুণাচল প্রদেশ আৰু নাগালেণ্ডৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে যদিও আজিপর্যন্ত উক্ত কৃষকসকলৰ সকাহ হোৱাকৈ এটি শীতল গৃহ নির্মাণ কৰাৰ বিষয়টোত কোনো গুৰুত্ব দিয়া নাই চৰকাৰী পক্ষই৷ অনুৰূপ ধৰণে কৃষিক্ষেত্রখনলৈ যাতায়াতৰ সু–ব্যৱস্থা নথকাত উৎপাদিত ফচলবোৰ বিভিন্ন অঞ্চললৈ যোগান ধৰাতো সমস্যাৰ সন্মুখীন হৈ আহিছে কৃষকসকল৷ চৰাইদেউ জিলা প্রশাসনে অঞ্চলটোৰ এইসকল কৃষকক একমাত্র আদর্শ কৃষকৰ সন্মান প্রদান কৰিয়েই হয়তো সামৰিছে সকলো দায়িত্ব৷ সমাজৰ অন্নদাতা হিচাপে পৰিচিত এইসকল লোকৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্রত চৰকাৰ তথা ৰাজ্যৰ কৃষি বিভাগে হয়তো এদিন যোগাত্মক পদক্ষেপ হাতত ল’ব, তাৰেই আশাত বন্দী চেঁচা সত্রৰ এইসকল উচ্চশিক্ষিত কৃষক৷

You might also like