নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা হ্রাস

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ: বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা হ্রাস কৰা হৈছে৷ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীয়ে বিবৃতিযোগে আজিৰে পৰা কার্যকৰী হোৱাকৈ ১৯ কেজি প্রতিটো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকাকৈ হ্রাস কৰিছে৷ এই হ্রাসে হোটেল, ৰেষ্টুৰেণ্ট আৰু অন্য ব্যৱসায়িক প্রতিষ্ঠানক সাময়িকভাৱে কিছু সকাহ দিব৷ উল্লেখ্য যে দেশৰ প্রতিটো প্রান্ততে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,০০০ৰ অধিক হোৱাৰ পাছত যোৱা জুন মাহৰ পৰা ৰাজহুৱা খণ্ডৰ তেল কোম্পানীয়ে কম কমকৈ হ’লেও চাৰিবাৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্রাস কৰিছে৷ আজি প্রতিটো চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা হ্রাস কৰাৰ লগে লগে ৰাজধানী দিল্লীত চিলিণ্ডাৰৰ মূল্য ১,৯৭৬ৰ পৰা ১,৮৮৫লৈ হ্রাস পালে৷ তেনেদৰে কলকাতাত ২,০৯৫ টকাৰ পৰা হ্রাস পাই ১,৯৯৫ টকা হয়৷ মুম্বাইত ১,৯৩৬.৫০ টকাৰ পৰা হ্রাস পায় ১,৮৪৪ টকা আৰু চেন্নাইত ২,১৪১ টকাৰ পৰা হ্রাস পাই ২,০৪৫ টকা হয়৷ তাৎপর্যপূর্ণ যে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য প্রতিমাহৰ প্রথম দিনাই পুনৰীক্ষণ কৰা হয়৷ এই পুনৰীক্ষণৰ প্রক্রিয়া হিচাপেই আজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা হ্রাস কৰা হয় যদিও ঘৰুৱা চিলিণ্ডাৰৰ মূল্য অপৰিৱর্তিত ৰাখে৷ আনপিনে, বিমানৰ ইন্ধন এ টি এফৰ মূল্য ০.৭ শতাংশ হ্রাস কৰে৷ অর্থাৎ প্রতি কিলোলিটাৰত ৮৭৪.১৩ টকা হ্রাস পাইছে৷

You might also like