নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ ছেপ্টেম্বৰত ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত ষাণ্মাসিকৰ ফলাফল

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক তথা চূড়ান্ত ষাণ্মাসিকৰ ফলাফল অহা ৫ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব৷ আজি বিশ্ববিদ্যালয়ে এই সন্দর্ভত এক বিজ্ঞপ্তি প্রকাশ কৰিছে৷ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকে প্রকাশ কৰা অনুসৰি ৫ ছেপ্টেম্বৰতে পঞ্চম ষাণ্মাসিকৰ পুনৰ মূল্যায়ন পৰীক্ষাৰো ফলাফল ঘোষণা কৰা হ’ব৷ ইফালে, সামাজিক মাধ্যমত শেহতীয়াকৈ পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাত উত্তীর্ণ হোৱা একাংশ ছাত্র–ছাত্রীৰ পৰীক্ষা বেয়া হোৱা বুলি যিধৰণে প্রকাশ পাইছে, সেয়া সম্পূর্ণৰূপে নস্যাৎ কৰিছে আৰু এয়া ভুৱা বুলি উল্লেখ কৰিছে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকে৷

You might also like