নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বিশ্বৰ বাবে এতিয়া আতংকৰ নাম ক’ৰোনা । ভাৰততো এতিয়া দৈনিক বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা । শেহতীয়াকৈ কেৰালাৰ পাচতেই বেংগালুৰু আৰু পঞ্জাৱতো ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে । ভাৰতত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা হৈছে ৪৫ ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা স্বভূমি উভতি অহা বেংগালুৰুৰ এজন লোকৰ দেহত পোৱা গৈছে ক’ৰোনা পজিটিভ । সোমবাৰে লোকজনৰ ৰক্ত পৰীক্ষা কৰাৰ পাচতেই পোহৰলৈ আহে এই কথা । বেংগালুৰুৰ এইজন লোকেই হৈছে কৰ্ণাটকৰ প্ৰথমজন আক্ৰান্ত । ইফালে , ইটালীৰ পৰা পঞ্জাৱলৈ উভতি অহা এজন লোকৰ দেহতো লাভ কৰিছে ক’ৰোনা ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেৰালাৰ এটি ৩ বছৰীয়া শিশু আৰু জম্মুৰ এগৰাকী ৬৩ বছৰীয়া মহিলাৰ দেহতো লাভ কৰিছিল ক’ৰোনা ভাইৰাছ । ক’ৰোনা আক্ৰান্ত শিশুটিক বৰ্তমান এৰনাকুলাম মেডিকেল কলেজ হাস্পতালৰ আইচুলেচন ৱাৰ্ডত ৰখা হৈছে । বিগত সপ্তাহত শিশুটি পিতৃ-মাতৃৰ সৈতে ইটালীৰ পৰা ভাৰতলৈ আহিছিল । জম্মুৰ বৃদ্ধা গৰাকীয়েও শেহতীয়াকৈ ইৰান ভ্ৰমণ কৰিছিল । ইৰান ভ্ৰমণৰ পৰা উভতি অহাৰ পাচতেই ক’ৰোনাত আক্ৰান্ত হয় বৃদ্ধাগৰাকী ।
স্মৰ্তব্য যে, বৰ্তমানলৈকে ভাৰত যিসকল লোকৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে সেইসকলৰ প্ৰায়সংখ্যকেই ইৰান, ইটালী অথবা অন্য কোনো ৰাষ্ট্ৰ ভ্ৰমণ কৰি স্বভূমিলৈ উভতি আহিছিল । ভাৰতত আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈ আছে যদিও বৰ্তমানলৈকে এজনো লোকৰ মৃত্যুৰ খবৰ লাভ কৰা নাই ।
সমগ্ৰ বিশ্বতে তিনি সহস্ৰাধিক লোকৰ মৃত্যু ঘটোৱা ক’ৰোনাই মহামাৰী ৰূপ ধাৰণ কৰিছে চীনত । চীনৰ য়ুহানৰ পৰা উৎপত্তি হোৱা ক’ৰোনাত মৃত্যু হোৱা সৰ্বাধিক লোক চীনৰ । ইতিমধ্যে আশীহাজাৰতকৈও অধিক লোক আক্ৰান্ত হৈ আছে চীনত ।