নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভক্তৰ বাবে ডিজিটেল পূজাৰ ব্যৱস্থা দেশৰ অন্যতম ধনী মন্দিৰৰ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ দেশজুৰি লকডাউন চলি থকাৰ মাজত দেশৰ সকলোবোৰ উপাসনাস্থলীয়েই এতিয়া হৈ পৰিছে জনশূন্য । লকডাউনৰ এই সময়ছোৱাত দেশৰ অন্যতম ধনী মন্দিৰলৈ ভক্ত নহাৰ ফলত উপাৰ্জন শূন্য হৈ পৰিছে । দক্ষিণ ভাৰতৰ বহু মন্দিৰৰ যাৱতীয় কাৰ্যকলাপ পৰিচালনা কৰা The Trabancore Devaswom Board (TDB)এ তেওঁলোকৰ প্ৰায় তিনিহাজাৰ কৰ্মীক আগন্তুক মাহৰ মাননি দিয়াৰ বাবে অসুবিধাত পৰিব বুলিও উল্লেখ কৰিছে । মন্দিৰ কৰ্তৃপক্ষৰ হাতত অৰ্থ নথকা আৰু সঞ্চিত ধনেৰে কিমান দিন চলিব বুলিও উল্লেখ কৰিছে টিডিবিয়ে । কেৰালাৰ সবৰীমালা মন্দিৰ কৰ্তৃপক্ষই তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভক্তসকলৰ বাবে মুকলি কৰিছে ডিজিটেল পূজা ।

অনলাইন জৰিয়তে দিয়া হ’ব এই পূজা । মন্দিৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, পূজা-অৰ্চনা সকলোখিনি আচাৰ অনুসৰি ঘৰত বহিয়েই কৰিব পাৰিব । তেতিয়া ভক্তসকলৰ পৰা পূজাৰ বাবে সংগ্ৰহ কৰা হ’ব দান-দক্ষিণা । সেইটোও অৱশ্যে অনলাইন মাধ্যমেৰেই হ’ব বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই ।

কেৰালা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক, তেলেংগানাত তেওঁলোকৰ প্ৰচুৰ ভক্ত আছে বুলি জানিবলৈ দিছে সবৰীমালা কৰ্তৃপক্ষই । ১৮ মাৰ্চত শেষবাৰৰ বাবে পূজা হৈছিল দক্ষিণ ভাৰতৰ এই বিখ্যাত মন্দিৰটোত । সেই দিনাও প্ৰশাসনৰ নিষেধাজ্ঞা উপেক্ষা কৰি ১৪ হাজাৰ মানুহ গোট খাইছিল সবৰীমালাত । এপ্ৰিল মাহত মন্দিৰ প্ৰাংগনত ভিশু উৎসৱ অনুষ্ঠিত হ’ব লগা সত্বেও ক’ৰোনাৰ বাবে বন্ধ হৈ পৰে এই উৎসৱ । মাৰ্চৰ শেষৰ ফাললৈ দহদিনীয়া অন্য় এটা উৎসৱো সবৰীমালাত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সেয়াও যেন অনুষ্ঠিত হ’বলৈ নিদিলে কালৰূপী ক’ৰোনাই ।

অৱশ্যে মন্দিৰ কৰ্তৃপক্ষই অনলাইন মাধ্যমেৰে আৰম্ভ কৰিবলগীয়া এই পূজা-পাৰ্বণত কিমান সংখ্যক ভক্তই অংশগ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব ।

You might also like