নিয়মীয়া বাৰ্তা, ১৮ মেঃ দেশত দ্রুতগতিত বৃদ্ধি পাই আছে ক’ভিড–১৯ৰ সংক্রমণ৷ বিগত ২৪ ঘণ্টাত একেদিনাই সর্বাধিক ৪,৯৮৭ লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত আজিও ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ মহাৰাষ্ট্র, তামিলনাডু, গুজৰাট, দিল্লী, ৰাজস্থান, মধ্যপ্রদেশ, উত্তৰ প্রদেশ, পশ্চিমবংগ, অন্ধ্রপ্রদেশত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাৰ লগতে দেশৰ বাকী ৰাজ্যসমূহতো মহামাৰী ভাইৰাছৰ সংক্রমণ ৰোধ হোৱা নাই৷ দেশজুৰি আক্রান্তৰ সংখ্যা ৯৫ হাজাৰ অতিক্রম কৰাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ৩০ শতাধিকে৷
বিগত মাহত ৰাষ্ট্রপতি ভৱনৰ এগৰাকী কর্মী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত প্রায় ১১৫টা বাসগৃহ কোৱাৰেণ্টাইন কৰি ৰখাৰ সময়তে আজি ৰাষ্ট্রপতি ভৱনত কর্মৰত এগৰাকী শীর্ষ আৰক্ষী বিষয়া ক’ভিড–১৯ত আক্রান্ত হৈছে৷ তথ্য মতে ৰাষ্ট্রপতি ভৱনত কর্মৰত অতিৰিক্ত আৰক্ষী আয়ুক্ত এগৰাকী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত বিষয়াগৰাকীক দিল্লীৰ চিকিৎসালয়ত ভর্তি কৰা হৈছে৷ বিষয়াগৰাকী আক্রান্ত হোৱাৰ পিছতেই কেইবাগৰাকী আৰক্ষী বিষয়া–জোৱান আৰু ৰাষ্ট্রপতি চৌহদৰ কর্মচাৰীক কোৱাৰেণ্টাইন কৰা হৈছে৷ দেশৰ ভিতৰত সর্বাধিক আক্রান্ত মহাৰাষ্ট্রত আজি ২৪ ঘণ্টাৰ ভিতৰত ২,৩৪৭জন লোক ক’ভিড–১৯ ত আক্রান্ত হৈছে৷
ৰাজ্যখনত প্রথমবাৰৰ বাবে দুই সহস্রাধিক লোক ক’ভিড–১৯ত আক্রান্ত হোৱাত আক্রান্তৰ সংখ্যা ৩৩ হাজাৰ স্পর্শ কৰিলে৷ ইপিনে তামিলনাডুত ৬ শতাধিক, দিল্লীত ৪ শতাধিক, ৰাজস্থান, মধ্যপ্রদেশ, পশ্চিমবংগ আদি ৰাজ্যত শতাধিক লোক আক্রান্ত হৈছে৷