নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ কেৰালাত পুনৰ ৬ জন লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছ । কৰ্ণাটকতো ৩ জন আৰু পুনেতো ২ জন লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে । শেহতীয়া তথ্য অনুসৰি দেশত মুঠ ৫৭ গৰাকী লোক আক্ৰান্ত হৈছে এই ভাইৰাছত ।
ভাৰতৰ দিল্লী, আগ্ৰা, পঞ্জাৱ, বেংগালুৰু, তেলেংগানা, কেৰালা, কাশ্মীৰ আৰু অন্যান্য প্ৰান্তত আক্ৰান্ত প্ৰতিজনকেই ৰখা হৈছে আইচুলেচনত । কেৰালাত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ১২ জন ।