নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: অত্যাধুনিক এ কে–২০৩ এছাল্ট ৰাইফল নির্মাণৰ প্রস্তুতি চলোৱা হৈছে ভাৰতত৷ ৰাছিয়াৰ প্রযুক্তিৰ সহায়ত উত্তৰ প্রদেশৰ আমেথিৰ এক কাৰখানাত এ কে–৪৭ এছাল্ট ৰাইফলৰ আটাইতকৈ উন্নত সংস্কৰণ এ কে–২০৩ নির্মাণৰ প্রাৰম্ভিক প্রক্রিয়া সম্পূর্ণ হৈছে৷ কালি ৰাছিয়াৰ সামৰিক বিষয়ববীয়া এগৰাকীয়ে এই কথা সদৰী কৰিছে৷ সকলো ঠিকে থাকিলে চলিত বর্ষৰ শেষৰফালে এই ৰাইফল নির্মাণৰ প্রক্রিয়া পূর্ণগতিত চলিব৷
উল্লেখনীয় যে ভাৰত–ৰাছিয়াৰ যৌথ উদ্যোগত এই ৰাইফল নির্মাণ কৰা হ’ব৷ এই ৰাইফল হ’ব দেশৰ সেনাৰ বাবে আটাইতকৈ উন্নত হাতিয়াৰ৷ প্রতি মিনিটত এই ৰাইফলৰ পৰা ৭০০জাঁই গুলী এৰাটো সম্ভৱ হ’ব৷ নিমিষৰ ভিতৰতে ১ কিলোমিটাৰ দূৰৈৰ শত্রুক ধ্বংস কৰি দিব পৰা যাব এই এ কে–২০৩ ৰাইফলৰ জৰিয়তে৷