নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০৮ বছৰ ধৰি সম্পূর্ণ অপৰাধমুক্ত হৈ আছে বিহাৰৰ বনকট গাঁও

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ:  কোনোধৰণৰ কাজিয়া, সংঘর্ষ, মাৰপিটৰ ঘটনা সংঘটিত হোৱা নাই গাঁওখনত৷ গতিকে আৰক্ষীৰ ওচৰতো অভিযোগ দাখিল হোৱা নাই কোনোদিনে৷ একবিংশ শতাব্দীতো এনে এখন শান্তিপূর্ণ গাঁও আছে ভাৰতত৷ অবিশ্বাস্য যদিও এয়া সঁচা৷ বিহাৰৰ গয়া জিলাৰ বনকট নামৰ গাঁওখনত আজিলৈকে কোনোধৰণৰ সংঘর্ষৰ ঘটনা সংঘটিত হোৱা নাই৷ গাঁওবাসীয়ে দাবী কৰা অনুসৰি ১০৮ বছৰ ধৰি গাঁওখনৰ কোনেও কাৰো বিৰুদ্ধে আৰক্ষীক অভিযোগ দিবলগীয়া হোৱা নাই৷ ১৯১৪ চনত জন্ম এই বনকট গাঁৱৰ৷ বর্তমানো গাঁওখনত আঢ়ৈশ লোকে শান্তিৰে বসবাস কৰি আছে৷ সমগ্র গাঁওখন অপৰাধমুক্ত বুলি দাবী কৰিছে ইয়াৰ বাসিন্দাসকলে৷ গাঁওখনত মূলতঃ যাদৱ, চন্দ্রবংশী আৰু মহাদলিত সম্প্রদায়ৰ লোকসকলে বাস কৰে৷ সকলোৱে শান্তিৰে বাস কৰাৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰি আহিছে পঞ্চায়তে৷ এতিয়ালৈকে যিকোনো সমস্যাৰ সৃষ্টি হ’লেই পঞ্চায়তে সমাধান কৰি আহিছে৷

You might also like