নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ৫৩৬ লৈ বৃদ্ধিঃ মৃত্যু ১০

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা । বৰ্তমানলৈকে দেশত ৫৩৬ গৰাকীলৈ বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা । ইফালে, মঙলবাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত এই মাৰাত্মক ভাইৰাছৰ ফলত মৃত্যুক আঁকোৱালি লয় ৬৫ বছৰীয়া এগৰাকী বৃদ্ধাই ।

১৫ মাৰ্চ তাৰিখে আৰৱৰ পৰা ভাৰতলৈ উভতিছিল এইগৰাকী বৃদ্ধা । আৰৱৰ পৰা আহমেদাবাদলৈও গৈছিল বৃদ্ধাগৰাকী । ইয়াৰ মাজতেই অসুস্থ হৈ পৰা বৃদ্ধাগৰাকীক মুম্বাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও মঙলবাৰে মৃত্যুক সাৱটি লয় বৃদ্ধাগৰাকীয়ে । এইগৰাকী বৃদ্ধাৰ মৃত্যুৰ পাচতেই এতিয়া ভাৰতত মৃতকৰ সংখ্যা বৃদ্ধি পালে ১০ লৈ ।

উল্লেখ্য যে, ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে সন্ধ্যা দেশবাসীক সম্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ তথা পৰিয়ালৰ সুৰক্ষাৰ বাবে ঘৰতে থকাৰ আহ্বান জনায় । ইফালে, আগন্তুক ২১ দিনলৈ দেশত লকডাউন ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

You might also like