নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ৮ জনৰ দেহত ক’ৰোনাঃ কেনেকৈ গ্ৰহণ কৰিব সতৰ্কতা ?

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ আতংক অব্যাহত থকাৰ পাচতে ভাৰতত আঠজন লোকৰ দেহত পোৱা গৈছে ক’ৰোনা ভাইৰাছ । নতুন দিল্লীত ২ জন আৰু উত্তৰপ্ৰদেশত ৬ জন লোকৰ দেহত পোৱা গৈছে ক’ৰোনা ভাইৰাছ । ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে বিশেষ বৈঠকৰ আহ্বান কৰি আতংকিত নহ’বলৈ আহ্বান জনালে দেশবাসীক । আতংকিত হোৱাৰ পৰিৱৰ্তে সতৰ্কতা অৱলম্বনৰ ক্ষেত্ৰতহে গুৰুত্ব আৰোপ কৰিবলৈ কৈছে কেন্দ্ৰীয় চৰকাৰে । দেশজুৰি হেলথ এলাৰ্ট জাৰি কৰিছে চৰকাৰে ।

দেশজুৰি ক’ৰোনাৰ আতংকই ত্ৰাসিত কৰাৰ সময়তে এতিয়া কোনো লোককে ভাৰতৰ পৰা বাহিৰলৈ নোযোৱাৰ বাবে আহ্বান জনাইছে চৰকাৰে । ক’ৰোনা ভাইৰাছ হোৱাৰ পূৰ্বে আপোনাৰ শৰীৰত দেখা দিব পাৰে জ্বৰ, কাহ আৰু মূৰৰ বিষে । এনে লক্ষণে দেখা দিলে ততাতৈয়াকৈ চিকিৎসকৰ কাষ চপাৰ লগতে সতৰ্কতা অৱলম্বন কৰা উচিত । জনসমাগমৰ পৰা আঁতৰত থকা, মুখত মাস্ক ব্যৱহাৰ কৰা , হাতেৰে মুখ, নাক আৰু চকুত স্পৰ্শ নকৰা , ভালকৈ হাত পৰিষ্কাৰ কৰা ৰখাৰো আহ্বান জনাইছে চিকিৎসকে ।

উল্লেখ্য যে, ক’ৰোনা ভাইৰাছৰ বাবেই নয়ডাৰ এখন বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে । কিয়নো বিদ্যালয়ৰ এজন শিক্ষাৰ্থীৰ অভিভাৱক কিছুদিন পূৰ্বে ইটালীৰ পৰা ভাৰতলৈ আহিছিল । তেনেক্ষেত্ৰত এতিয়া বন্ধ কৰি ৰখা হৈছে এই বিদ্যালয়খন ।

You might also like