নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে মহামাৰীৰ সময়ত গ্রীন কার্ডৰ ওপৰত যি নিষেধাজ্ঞা আৰোপ কৰিছিল সেয়া প্রত্যাহাৰ কৰিছে বর্তমানৰ ৰাষ্ট্রপতি তথা ডেমক্রেটিক নেতা জ’ বাইডেনে৷ জ’ বাইডেনে এই ব্যৱস্থা গ্রহণ কৰাৰ ফলত উপকৃত হ’ব বহু ভাৰতীয়৷ বিশেষকৈ তথ্য–প্রযুক্তি ক্ষেত্রত দেশখনত নিয়োজিত ভাৰতীয় যুৱক–যুৱতীসকল জ’ বাইডেনে প্রশাসনৰ এই সিদ্ধান্তৰ ফলত বিভিন্ন সংকটৰ পৰা মুক্ত হ’ব৷ গ্রীন কার্ডৰ ওপৰত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ ফলত আমেৰিকাত থকা ভাৰতীয়সকলৰ এইচ–১বি ভিছা সক্রিয় হৈ থাকিব৷
ইয়াৰ ফলত গ্রীন কার্ড লাভ কৰা ভাৰতীয় নাগৰিকসকলে কেইবা বছৰলৈ আমেৰিকাত লাভ কৰিব নিযুক্তি৷ স্মর্তব্য যে যোৱা বসন্ত কালত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে গ্রীন কার্ড প্রদান কৰাৰ ক্ষেত্রত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল৷ ২০২০ৰ শেষলৈ ট্রাম্পৰ এই নিষেধাজ্ঞা অব্যাহত আছিল৷ পৰিণতিত আমেৰিকাত থকা বহু ভাৰতীয় শিক্ষার্থী তথা তথ্য প্রযুক্তিৰ সৈতে জড়িত কর্মী সংকটৰ সন্মুখীন হৈছিল৷ কিন্তু বাইডেন প্রশাসনে ক্ষমতালৈ আহিয়েই এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ ফলত সংকটৰ সন্মুখীন হোৱা ভাৰতীয় নাগৰিকসকলৰ সন্মুখত নতুন সম্ভাৱনাৰ পথ উদয় হৈছে৷
উদাৰপন্থী ৰাষ্ট্রপতি হিচাপে জ’ বাইডেনে ট্রাম্পৰ এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ পিছত দেশখনত বসবাস কৰি থকা ভাৰতীয় শিক্ষার্থী তথা তথ্য–প্রযুক্তি ক্ষেত্রৰ কর্মীসকলে দীর্ঘদিন ধৰি দেশখনত নিৰাপদে বাস কৰাৰ সুযোগ লাভ কৰিব৷ গতিকে বাইডেনৰ এই সিদ্ধান্ত নিঃসন্দেহে ভাৰতীয়মূলৰ আমেৰিকানৰ বাবে এক ইতিবাচক পদক্ষেপ হিচাপে চিহ্ণিত হৈছে৷