নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন–ছ’চিয়েল মিডিয়া নিয়ন্ত্রণত চৰকাৰৰ নতুন নিয়ম

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ bদীর্ঘদিন ধৰি অ’টিটি (অভাৰ দ্য টপ) তথা ছ’চিয়েল মিডিয়াত প্রকাশিত আৰু সম্প্রচাৰিত হোৱা বিষয়বস্তুৰ ওপৰত নিয়ন্ত্রণৰ দাবী উত্থাপন হৈছিল৷ শেহতীয়াকৈ এই দিশত উদ্যোগ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ অ’টিটি আৰু ছ’চিয়েল মিডিয়া কণ্টেণ্টৰ বাবে নির্দিষ্ট নতুন নির্দেশাৱলী জাৰি কৰিছে কেন্দ্রীয় তথ্য প্রযুক্তি মন্ত্রী ৰবিশংকৰ প্রসাদে৷ এই নির্দেশাৱলীত উল্লেখ কৰা হৈছে যে প্রত্যেক প্লেটফর্মৰ বাবে অভিযোগ নিৰসন প্রক্রিয়া থাকিব লাগিব৷ ২৪ ঘণ্টাৰ ভিতৰতে অভিযোগ অধিকাৰীক নিয়োগ কৰিব লাগিব৷

১৫ দিনৰ ভিতৰতে অভিযোগ নাইকিয়া কৰিব লাগিব৷ বলৱৎ কৰা হ’ব ‘ক’ড অৱ এথিকছ’৷ এইক্ষেত্রত গঠন কৰিব উচ্চস্তৰীয় কমিটী৷ নিউজ ৱেবছাইটে পঞ্জীয়ন কৰিব লাগিব আইটি মন্ত্রণালয়ত৷ ডিজিটেল মিডিয়াই মানি চলিব লাগিব প্রেছ কাউন্সিল অৱ ইণ্ডিয়াৰ নিয়ম৷

You might also like