নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই মুছলমান , পত্নী হিন্দু আৰু আমাৰ ল’ৰা-ছোৱালী প্ৰকৃত ভাৰতীয় ! ছ’চিয়েল মিডিয়াত ভাইৰেল এক ভিডিঅ’

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ ‘মই মুছলমান , মোৰ পত্নী গৌৰী হিন্দু । তেতিয়াহ’লে আমাৰ সন্তান কেইটা প্ৰকৃত ভাৰতীয় ।’ ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ এই ভিডিঅ’ ।

ডান্স প্লাছ ৫ নামৰ এটা টিভি শ্ব’ত উপস্থিত এইদৰেই মন্তব্য কৰিছিল শ্বাহৰুখ খানে । শ্বাহৰুখে কয় যে তেওঁৰ ঘৰত হিন্দু, মুছলমান অথবা কোন কি ধৰ্মৰ তাক লৈ কোনোদিনেই হোৱা নাই চৰ্চা । বিদ্যালয়ৰ কিছু প্ৰ-পত্ৰত ধৰ্ম কি সেইটো পূৰণ কৰিবলগীয়া হয় । শ্বাহৰুখ খানৰ কন্যাই এদিন তেওঁক সোধে যে, তেওঁলোক কোন ধৰ্মৰ ? তেতিয়া তেওঁ নিজৰ কন্যাক কৈছিল যে আমি ভাৰতীয় আমাৰ কোন বিশেষ ধৰ্ম নাই অথবা হোৱাও উচিত নহয় ।

গণৰাজ্য দিৱসৰ দিনাই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ’ই এতিয়া দেশজুৰি লাভ কৰিছে বিশেষ চৰ্চা । প্ৰসংগক্ৰমে শ্বাহৰুখ খানে কয় যে, যিদৰে আমি সকলো লগ হৈ ঈদ পালন কৰোঁ ঠিক একেদৰেই গণেশ চতুৰ্থীও পালন কৰোঁ ।

You might also like