নিয়মীয়া বাৰ্তা, ১৫ মে’: ক’ভিড–১৯ মহামাৰীত দিল্লীত যিবোৰ পৰিয়ালৰ উপার্জনকাৰী লোকৰ মৃত্যু হৈছে, সেই পৰিয়ালবোৰলৈ বিত্তীয় সাহায্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে৷ মহামাৰীয়ে অনাথ কৰা শিশুসকলৰ শিক্ষা আৰু লালন–পালনৰ সকলো দায়িত্বও দিল্লী চৰকাৰে গ্রহণ কৰিব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী কেজৰিৱালে৷
এক ভার্চুৱেল সংবাদ মেলত অংশগ্রহণ কৰি কেজৰিৱালে কয় যে কেন্দ্রীয়শাসিত ৰাজ্যখনৰ শেহতীয়াকৈ ক’ভিড–১৯ৰ সংক্রমণ যথেষ্ট হ্রাস পাইছে৷ কিন্তু ক’ভিড যুদ্ধৰ সামৰণি পৰা নাই৷ লক্ষণীয়ভাৱে বিগত ১০ দিনত দিল্লীৰ হাস্পতালত ক’ৰোনা ৰোগীৰ বাবে তিনি হাজাৰ বিছনা অতিৰিক্তভাৱে সাজু কৰি তোলা বুলিও উল্লেখ কৰে কেজৰিৱালে৷ কালি ৰাজ্যখনত ১০,৪৮৯গৰাকী লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাৰ উপৰি ৩০৮গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছিল৷ তথাপি পূর্বৰ তুলনাত দিল্লীত ক’ৰোনাৰ সংহাৰ যথেষ্ট হ্রাস পাইছে৷