নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতলৈ নিম্নমানৰ চিকিৎসা সঁজুলি প্রেৰণ চীনৰ

নিয়মীয়া বাৰ্তা, ১৫ মে’: বিশ্বৰ আন দেশসমূহে ক’ভিড মহামাৰীৰ বাবে পৰিত্রাণ পাবলৈ ঐক্যবদ্ধভাৱে যুঁজি থকাৰ লগতে দেশসমূহে পৰস্পৰক চিকিৎসা সাহায্য প্রদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰা সময়তে চীনে বাণিজ্যিক মুনাফা লভাৰ উদ্দেশ্যে অতি নীচ মনোবৃত্তি গ্রহণ কৰাৰ অভিযোগ উঠিছে৷ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে চীনৰ সংস্থাসমূহে বিভিন্ন চিকিৎসা সঁজুলিৰ দাম বৃদ্ধি কৰিছে৷

লক্ষণীয়ভাৱে ক’ভিডৰ চিকিৎসাৰ কামত লাগিব পৰা বিভিন্ন সঁজুলি ভাৰতলৈ প্রেৰণ কৰিছে বেইজিঙে৷ কিন্তু এই সঁজুলিবোৰ অতি নিম্নমানৰ বুলি ভাৰতীয় চিকিৎসা সংস্থাসমূহে অভিযোগ কৰিছে৷ অক্সিজেন কনচেনট্রেটৰ নির্মাণৰ ক্ষেত্রত ব্যৱহূত নির্দিষ্ট উপাদানবোৰ এতিয়া পৰিৱর্তন কৰিছে চীনে৷ ইয়াৰ বিপৰীতে কনচেনট্রেটৰত নিম্ন মানৰ যন্ত্রাংশ ব্যৱহাৰ কৰিছে চীনা কোম্পানীসমূহে৷ চীনৰ এনে চিকিৎসা সঁজুলিয়ে ভাৰতত ক’ভিড যুঁজত অধিক বিপর্যয়ৰহে সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে বিশেষজ্ঞসকলে৷

লক্ষণীয়ভাৱে ৫ লিটাৰ আৰু ১০ লিটাৰ অক্সিজেন কনচেনট্রেটৰৰ দামো চীনা কোম্পানীসমূহে ভিন্ন ধৰণে নির্ধাৰণ কৰিছে৷

You might also like