নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাবুলৰ মছজিদত বিস্ফোৰণ, নিহত ১২

নিয়মীয়া বাৰ্তা, ১৫ মে’:  ভাৰতসহ কেইবাখনো দেশত ৰমজান মাহৰ ব্রতৰ অন্তত পৱিত্র ঈদ উৎসৱ চলি থকা সময়তে আফগানিস্তানৰ ৰাজধানী কাবুলৰ এটা মছজিদত বোমা বিস্ফোৰণত ১২গৰাকী লোক নিহত হৈছে৷

শুকুৰবাৰৰ নামাজ চলি থকাৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয়৷ আফগান আৰক্ষীৰ বিষয়া এগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি মছজিদটোৰ ইমাম মুফ্তি নাইমানৰো এই বিস্ফোৰণত মৃত্যু হৈছে৷

ইফালে, বিস্ফোৰণৰ ঘটনাত আহত হৈছে অন্য ১৫গৰাকী লোক৷ স্মর্তব্য যে ঈদ উপলক্ষে আফগানিস্তানত তালিবানে তিনিদিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছিল যদিও এই যুদ্ধবিৰতিৰ মাজতেই কেইবাটাও বিস্ফোৰণ সংঘটিত হৈছে৷ ৰমজান মাহত তালিবানে আফগানিস্তানত ১৫টা আত্মঘাতী আক্রমণসহ দুই শতাধিক বিস্ফোৰণ সংঘটিত কৰা বুলি চৰকাৰে সদৰী কৰিছে৷

পৱিত্র ৰমজান মাহত তালিবানৰ হাতত দেশখনত প্রাণ হেৰুৱাইছে আঢ়ৈ শতাধিক লোকে৷ অৱশ্যে তালিবানে এই অভিযোগ অস্বীকাৰ কৰিছে৷

You might also like