নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাসাগৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্রসংঘৰ ঐতিহাসিক চুক্তি

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: সুদীর্ঘ ১০ বছৰ ধৰি চলা আলোচনাৰ পাছত মহাসাগৰসমূহৰ সুৰক্ষাৰ বাবে ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰিবলৈ সক্ষম হৈছে বিশ্বৰ ৰাষ্ট্রসমূহ৷ হাই ছীজ ত্রিটি নামৰ এই চুক্তিৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত মহাসাগৰৰ ৩০ শতাংশ স্থান সুৰক্ষিত কৰা হ’ব৷ ইয়াৰ জৰিয়তে সামুদ্রিক প্রাণীসমূহৰ জীৱন ৰক্ষাৰ সংকল্প গ্রহণ কৰা হৈছে৷ প্রায় ৩৮ ঘণ্টা ধৰি এখন বৈঠকত আলোচনা চলাৰ পাছত কালি নিউয়র্কস্থিত ৰাষ্ট্রসংঘৰ মুখ্য কার্যালয়ত এই চুক্তি স্বাক্ষৰ হয়৷ উল্লেখনীয় যে বিগত এটা দশক ধৰি বিভিন্ন দেশৰ মাজত এই চুক্তিত পুঁজি আগবঢ়োৱা আৰু মৎস্য চিকাৰৰ অধিকাৰক লৈ মতানৈক্য অব্যাহত আছিল৷ স্মর্তব্য যে মহাসাগৰৰ সুৰক্ষাৰ বাবে অন্তিম আন্তর্জাতিক চুক্তি স্বাক্ষৰ হৈছিল ১৯৮২ চনত৷ ৪০ বছৰ পূর্বে স্বাক্ষৰ হোৱা এই চুক্তিৰ নাম আছিল ‘ইউৱেন কনভেনচন অন ল অৱ দ্য ছী’৷ এই চুক্তি অনুযায়ী আন্তর্জাতিক জলৰাশিত সকলো দেশৰ মৎস্য চিকাৰৰ অধিকাৰ আছিল৷ ইয়াৰ উপৰি জাহাজ চলাচল আৰু বিভিন্ন গৱেষণাৰো অধিকাৰ আছিল প্রতিখন দেশৰ৷ কিন্তু ইয়াৰ জৰিয়তে মহাসাগৰৰ মাত্র ১.২ শতাংশ জলৰাশিহে সুৰক্ষিত কৰা হৈছিল৷ ইয়াৰ বাহিৰৰ সামুদ্রিক জীৱৰ নিৰাপত্তা নাছিল৷ লক্ষণীয়ভাৱে জলবায়ু পৰিৱর্তন, অত্যধিক মৎস্য চিকাৰ আৰু অধিক জল পৰিবহণৰ বাবেও সামুদ্রিক জীৱসমূহৰ অস্তিত্বলৈ ভাবুকি নামি আহিছে৷ ইয়াৰ বাবেই মহাসাগৰৰ জীৱৰ সুৰক্ষাৰ বাবে ৰাষ্ট্রসংঘৰ তৰফৰ পৰা দীর্ঘদিন ধৰি এখন চুক্তিৰ পোষকতা কৰি অহা হৈছিল৷

You might also like