নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাট কৃষি বিভাগৰ উদ্যোগত ফৰকাটিং বৰাহী গাঁৱত কৃষি মেলা

  •  মিলেটৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্য সামগ্রী প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আৰু অক্টোপাচ নামৰ বেচৰকাৰী অনুষ্ঠানৰ সহযোগত আজি ফৰকাটিং বৰাহী গাওঁত এখন কৃষক মেলা অনুষ্ঠিত হয়। কৃষক মেলা খনত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে আঠগাওঁ গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ভবেন চুতীয়াই। মুকলি সভা খনত আদৰণি ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই। তেওঁ নিজা ভাষনত মাটিৰ গুণাগুণ, মাটিৰ স্বাস্থ্য পৰীক্ষা, সাৰ প্ৰয়োগ, মাটি স্বাস্থ্য কাৰ্ড ৰ লাভালাভ আদিৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই।

আজিৰ কৃষি মেলাত মুখ্য অতিথি হিচাপে কৃষি বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া পংকজনাভ দাসে অংশগ্ৰহন কৰি নিজা বক্তব্যত কৃষকক উদ্দেশ্যি কয় যে অসমৰ কৃষকে কৰা বিভিন্ন কৃষি উৎপাদন ৰপ্তানি কৰি ৪০০০ কোটি লাভ কৰিছে। কভিদৰ সময়ত ২০০ কোটি টকাৰ শস্য ৰপ্তানি কৰিছিল অসমে। বিশ্বৰ বিভিন্ন দেশলৈ অসমৰ ৰঙালাও, কাজী নেমু আদি ৰপ্তানি কৰিছে ৰাজ্য খনে। তেওঁ অসমৰ মাটিত জৈৱিক কৃষিৰ গুৰুত্ব, কৃষক উৎপাদক কোম্পানীৰ অসমৰ অৰ্থনীতিত গুৰুত্ব সন্দৰ্ভত  কৃষক সকলৰ উদ্দেশি গুৰুতত্বপূৰ্ন বক্তব্য আগবঢ়াই। আজিৰ সভাখনত এপাৰ্তৰ জেষ্ঠ কৃষি পৰামৰ্শদাতা দেৱজিৎ নেওঁগ উপস্থিত থাকি ৰাজ্য চৰকাৰৰ ফলপ্ৰসূ কৃষি আঁচনি পি এম্ কৃষান সন্মান নিধি, পি এম ফচল বীমা আঁচনি সন্দৰ্ভত কৃষক সকলৰ আগত ভাষণ প্ৰদান কৰে।

ইয়াৰ পাছত কৃষি মেলা খনৰ লগত সংগতি ৰাখি বহু কেইখন কৃষি কৰ্মশালা অনুষ্ঠিত হয়। ফৰকাটিং কৃষি চক্ৰ বিষয়া সপ্তৰীষা চেতিয়াই কৃষক সকলক উদ্দেশ্য কৰি মাটিৰ গুণাগুণ, মাটিৰ পুষ্টি, মাটিত সাৰ প্ৰয়োগ, মাটিৰ উৰ্ব্বৰতা আদি সন্দৰ্ভত বক্তব্য আগবঢ়াই। অক্টোপাচ সংগঠনৰ মুখ্য কাৰ্য্যবাহী বিষয়া উমেশ বনীয়েও খেতিয়ক সকলৰ উদ্দেশ্য ভাষণ আগবঢ়াই। কৃষি মেলা খনত আজি তৈল খেজুৰ খেতি সম্পৰ্কত এখন কৃষক প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত হয়। এই প্ৰশিক্ষন কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে কৃষক সকলক তৈল পাম কৃষিৰ সুবিধা,আয়ৰ নতুন আহিলা,কেন্দ্ৰীয় ও ৰাজ্য চৰকাৰৰ এই খেতি সন্দৰ্ভত সুবিধা আদি বিষয়ত প্ৰশিক্ষক প্ৰাপ্তি গগৈয়ে কৃষক ৰাইজৰ উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাই আঁত ধৰা কৃষি মেলা খনত প্ৰায়  শতাধিক কৃষক ৰাইজে অংশগ্ৰহন কৰে। আজিৰ কৃষি মেলা খনত আঠখেলিয়া এগ্ৰ কৃষি উৎপাদক কোম্পানীৰ তৰফৰ পৰা মিলেটৰ দ্বাৰা মূল্য সংযোজিত কৰি প্ৰস্তুত কৰা বিভিন্ন পিঠা পনা, কেক, বিস্কুট ইত্যাদি প্ৰদৰ্শন আৰু বিক্ৰী কৰে।উল্লেখযোগ্য যে আজিৰ কৃষিমেলা খনত গোলাঘাট জিলা কৃষি বিভাগৰ হৈ জেষ্ঠ কৃষি বিষয়া জয়া গোস্বামী উপস্থিত থাকে।

আজিৰ এই কৃষক মেলাখনত প্ৰগতিশীল কৃষকৰ নিজৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে  মহিলা আত্মসহায়ক গোট, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আদিয়েও অংশগ্ৰহন কৰে। উল্লেখযোগ্য যে আজিৰ কৃষক মেলা খনত PM Kissan ৰ সহায়ক কক্ষ ৰ লগতে IPPB একাউণ্ট খোলাৰ ব্যবস্থা কৰা হৈছে। এই সহায়ক কক্ষত বহুতো কৃষকৰ সমাগম পৰিলক্ষিত হয়।

You might also like