নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰ বিধানসভাঃ মঙলবাৰে ৰায়দান দিব উচ্চতম ন্যায়ালয়ে

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ মহাৰাষ্ট্ৰত বিজেপিয়ে চৰকাৰ গঠনৰ পাচতে এতিয়া দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । চাৰ্জিকেল ষ্ট্ৰাইকৰ ভংগীত বিজেপিয়ে চৰকাৰ গঠন কৰিছে বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰে শিৱসেনা-কংগ্ৰেছ আৰু এনচিপি মিত্ৰজোঁটে । মিত্ৰজোঁটৰ দাবী আস্থাভোটত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰক বিজেপিয়ে । সেই আবেদনৰ ভিত্তিতে সোমবাৰে ৰায়দান স্থগিত ৰাখি মঙলবাৰে উচ্চতম ন্যায়ালয়ে দিব মহাৰাষ্ট্ৰ বিধানসভাৰ ৰায়দান ।

সোমবাৰে এই শুনানিত চলিচিটৰ জেনেৰেলে জনোৱা অনুসৰি বিজেপিৰ সৈতে ৫৪ জন এনচিপিৰ বিধায়কৰ সমৰ্থন আছিল । আৰু এই সমৰ্থনৰ চিঠি ৰাজ্যপালক দিয়াৰ পাচতেই ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে আহ্বান জনায় বিজেপিক ।

২৮৮ খন আসনৰ মহাৰাষ্ট্ৰ বিধানসভাৰ ১০৫ খন আসনত জয়ী হয় বিজেপি । গতিকে চৰকাৰ গঠনৰ বাবে বিজেপিক প্ৰয়োজন আৰু ৪০ জন বিধায়কৰ সমৰ্থন । উল্লেখ্য যে, দেৱেন্দ্ৰ ফাড়নাৱিছ আৰু বিজেপিৰ পক্ষে প্ৰাক্তন চলিচিটৰ জেনেৰেল মুকুল ৰোহতগিয়ে কয় বিজেপিৰ পক্ষে ১৭০ জন বিধায়কৰ সমৰ্থন থকাৰ বাবেই ৰাজ্যপালে শপত গ্ৰহণৰ বাবে আহ্বান জনায় দেৱেন্দ্ৰ ফাড়নাৱিছক ।

তাৎপৰ্যপূৰ্ণ যে, মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাচতেই স্পষ্ট হ’ব প্ৰকৃততে মহাৰাষ্ট্ৰত কোনে দখল কৰিব মচনদ ।

You might also like