নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানুহতকৈও ক্ষিপ্র গতিত কাম কৰে ‘এটলাছ’–এ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী: ৰবট, অথচ মানুহৰ দৰে সকলো কাম কৰিব পাৰে৷ কিছুমান কাম মানুহতকৈও ক্ষিপ্র গতিত সম্পন্ন কৰিব পাৰে এই ৰবটে৷ ইয়াৰ উদ্ভাৱনে মানুহক যেন সম্পূর্ণৰূপে অকামিলা কৰি পেলাব৷ অৱশ্যে প্রতিহিংসাপৰায়ণ হ’বনে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ আমেৰিকান সংস্থা ব’ষ্টন ডায়নেমিক্সে নির্মাণ কৰিছে এইবিধ ৰবট৷ দৌৰি দৌৰি মানুহৰ দৰে কাম কৰে এই ৰবটে৷ মানুহে যিবোৰ কাম কৰিব পাৰে, সকলো এই ৰবটৰ দ্বাৰা সম্পাদন কৰাটো সম্ভৱ৷ এই ৰবটবিধৰ নাম ৰখা হৈছে এটলাছ৷ হঠাতে জাঁপ মাৰি দেৱাল বগাই ইটো মহলাৰ পৰা সিটো মহলাৰ কাম নিমিষতে সম্পাদন কৰে এইবিধ ৰবটে৷ অৱশ্যে গধুৰ ওজন দাঙি লৈ দৌৰিব পৰা এই ৰবটবিধ নির্মাণ কৰাৰ পিছতো ইয়াক লৈ পৰীক্ষা সম্পূর্ণ হৈ উঠা নাই বুলি উল্লেখ কৰিছে গৱেষকসকলে৷ ৰবটবিধৰ ভিতৰত থাকিব এক কণ্ড্র’ল ছিষ্টেম৷ ইয়াৰ জৰিয়তেই তাৰ আচৰণ বুজিব পৰা যাব৷

You might also like