নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত কাশ্মীৰত পোছাক সলনি ৰাহুলৰ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী: অৱশেষত ভাৰত জোড়ো যাত্রাত ফুলহাতৰ পোছাক পৰিধান কৰা দেখিবলৈ পোৱা গ’ল ৰাহুল গান্ধীক৷ আজি কাশ্মীৰত ৰাহুলে এটা ক’লা জেকেট পৰিধান কৰা বুলি সংবাদ মধ্যমত চর্চা চলা সময়তে কংগ্রেছৰ পৰা স্পষ্ট কৰা হয় যে ৰাহুল গান্ধীয়ে জেকেট নহয়, কাশ্মীৰত ৰেইনকোটহে পৰিধান কৰিছে৷ উল্লেখনীয় যে প্রচণ্ড শীতেও কাবু কৰিব নোৱাৰে বুলি ৰাহুল গান্ধীয়ে দাবী কৰিছিল৷ অৱশ্যে আজি ৰাহুলৰ ৰেইনকোটৰ তলত সেই ‘ট্রেডমার্ক’ৰ বগা টি ছার্টটো আজিও দেখিবলৈ পোৱা গৈছিল৷ বৰষুণৰ মাজতে ৰাহুলে আজি অন্য নেতা আৰু কর্মীসকলৰ সৈতে ভাৰত জোড়ো যাত্রাত অংশগ্রহণ কৰে৷

You might also like