নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্ত সাংবাদিক-ব্লগাৰসকলক বিদেশী চোৰাংচোৱা আখ্যা পুটিনৰ

নিয়মীয়া বাৰ্তা,৪ ডিচেম্বৰঃ ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে এক বিতর্কিত আইনত স্বাক্ষৰ কৰি দেশখনৰ মুক্ত সাংবাদিকসকলক বিদেশী চোৰাংচোৱা বুলি অভিহিত কৰিছে ৷ মুক্ত সাংবাদিকসকলৰ লগতে ব্লগাৰসকলক এনেদৰে ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে বিদেশী চোৰাংচোৱা আখ্যা দিয়া ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ ৷ ৰাষ্ট্রপতি পুটিনৰ এই সিদ্ধান্তৰ পিছতে সমালোচকসকলে সংবাদ মাধ্যমৰ স্বাধীনতা হৰণৰ এয়া এক কঠোৰ পদক্ষেপ বুলি অভিহিত কৰিছে ৷ উল্লেখনীয় যে ২০১২ চনত ৰাছিয়াৰ সংসদত গৃহীত এক বিধেয়ক অনুসৰি দেশখনৰ স্বাধীন আৰু উদাৰচিতীয়া সাংবাদিকসকলৰ লগতে এনজিঅ’বোৰক বিদেশী এজেণ্ট আখ্যা দিয়া হৈছিল ৷ এতিয়া এই বিধেয়কক আইনৰ ৰূপ দিছে ৰাষ্ট্রপতিগৰাকীয়ে ৷ লগে লগে বিষয়টোক কেন্দ্র কৰি সমগ্র ৰাছিয়াত সৃষ্টি হৈছে উত্তেজনা ৷ ছোভিয়েট ইউনিয়নৰ যুগৰ সংবাদ মাধ্যমবিৰোধী কঠোৰ নীতি ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে গ্রহণ কৰা বুলি বিভিন্ন মহলে সমালোচনা কৰিছে ৷

You might also like