মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ নিদিলে ৰাহুল আৰু প্ৰিয়ংকাক
নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মহাসচিব প্ৰিয়ংকা গান্ধীক মংগলবাৰে মিৰাট যাবলৈ অনুমতি প্ৰদান নকৰিলে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। দুয়োজন নেতাই নাগৰিকত্ব সংশোধনী বিধায়কৰ বিৰোধীতাৰ প্ৰতিবাদত মিৰাটত মৃত্যু হোৱা যুৱকৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱাৰ কথা আছিল। চহৰ খনত ১৪৪ ধাৰা জাৰি থকাৰ বাবে প্ৰশাসনে নেতাদ্বয়ক চহৰ খনত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান নকৰিলে। উল্লেখ্য যে শুকুৰবাৰে কাৰ বিৰোধী প্ৰতিবাদত মিৰাটতত চাৰিজন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল।