নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছোনিয়া, প্রিয়ংকা, অ’ৱেছি আৰু ৰবিশ কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু

নিউজডেস্ক, ২৪ ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে উচতনিমূলক ভাষণ প্ৰদান কৰাৰ অভিযোগত কংগ্রেছ নেত্ৰী ছোনিয়া গান্ধী, প্রিয়ংকা গান্ধী ভদ্রা আৰু কেবাজনো লোকৰ বিৰুদ্ধে উত্তৰ প্রদেশৰ আলীগড় মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত এক গোচৰ ৰুজু হৈছে ।

এই গোচৰটো তৰিছে অধিবক্তা প্রদীপ গুপ্তাই ।

ইপিনে এই অভিযোগটোত আছাদুদ্দিন অ’ৱেছি আৰু সাংবাদিক ৰবিশ কুমাৰৰ নামো সন্নিৱিষ্ট হৈ আছে ।

আনহাতে আদালতে এই অভিযোগ গ্ৰহণ কৰি অহা ২৪ জানুৱাৰীত ইয়াৰ শুনানি নিৰ্ধাৰণ কৰিছে

উল্লেখ্য যে অভিযোগকাৰীৰ মতে নেতাসকলে তেওঁলোকৰ মন্তব্যত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত যিসকল লোক পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা আহিছিল সেই সকলো লোকেই সংশোধিত নাগৰিকত্ব আইন-২০১৯ ৰ অধিনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব বুলি কৈছিল ।

You might also like