নিয়মীয়া বাৰ্তা, ১৬ মার্চ: এণ্টার্কটিকাৰ বিশাল বৰফীয় শিলাখণ্ডৰ পৰা বিচ্ছিন্ন হৈ প্রায় ১৫০ কিলোমিটাৰ দূৰলৈ উটি গ’ল লণ্ডন মহানগৰতকৈও বৃহৎ আকাৰৰ এটা খণ্ড৷ বিশাল আকাৰৰ এই বৰফীয় শিল উটি যোৱা ছবি আৰু ভিডি’ ইতিমধ্যে গৱেষকসকলৰ হাতত পৰিছে৷ চলিত বর্ষৰ জানুৱাৰী মাহত মূল হিমবাহৰ পৰা এই বিশাল বৰফীয় খণ্ড বিচ্ছিন্ন হৈছে৷ বর্তমান এই বৰফীয় খণ্ড উৎপত্তিস্থলৰ পৰা ১৫০ কিলোমিটাৰ দক্ষিণৰ সাগৰীয় জলৰাশিত ওপঙি আছে৷ শক্তিশালী এণ্টার্কটিক উপকূলীয় স্রোতে খুন্দা মৰাৰ ফলত এই বিশাল খণ্ডটো ঘূৰি ঘূৰি আগবাঢ়ি গৈ থকা বুলি বিজ্ঞানীসকলে সদৰী কৰিছে৷ বিজ্ঞানীসকলে এই হিমশিলাৰ নাম ৰাখিছে ‘এ–৮১’৷ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি এ–৮১ৰ আকাৰ প্রায় ১৫৫০ বর্গ কিলোমিটাৰ৷ অর্থাৎ লণ্ডন মহানগৰতকৈও আয়তনত ডাঙৰ এই বৰফীয় খণ্ড৷ যি হিমশিলাত খুন্দা খাই টাইটানিক জাহাজ ডুব গৈছিল তাৰ উচ্চতা আছিল ১০০ ফুট৷ আনফালে, ইয়াৰ প্রস্থ আছিল ৪০০ ফুট৷ এ–৮১ৰ আয়তন তাতকৈ কেইবাহাজাৰ গুণ বেছি৷ শক্তিশালী স্রোতৰ বাবে এই বৰফীয় শিল ৱেডেল সাগৰৰ দিশলৈ আগবাঢ়ি গৈ থকা বুলি বিজ্ঞানীসকলে উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে সাগৰীয় জলৰাশিত ক্রমাৎ উষ্ণতাপ্রৱণ অঞ্চলত এই বৰফীয় খণ্ড প্রৱেশ কৰিলে জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি পোৱাৰ আশংকা কৰিছে বিজ্ঞানীসকলে৷